Home ৰাজ্যকাজিৰঙাৰ বান পৰিস্থিতি কিছু উন্নত

কাজিৰঙাৰ বান পৰিস্থিতি কিছু উন্নত

by News Desk
100 views
A+A-
Reset

কাজিৰঙাঃ  ব্রহ্মপুত্ৰৰ জলপৃষ্ঠ কিছু পৰিমাণে হ্রাস পােৱাত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি কিছু স্থিৰ হৈছে যদিও বন্যজন্তুৰ হাহাকাৰ অব্যাহত আছে। উদ্যানখনৰ ভিতৰত বিগত দিনকেইটাতকৈ পানী ৩০ চেঃমিঃ কমিছে বুলি জানিব পৰা গৈছে। অৱশ্যে জীৱ-জন্তুবােৰ পুনৰ উদ্যানত প্ৰৱেশ কৰাৰ লগতে পুৰ্বৰ অৱস্থালৈ আহিবলৈ আৰু যথেষ্ট সময়ৰ প্রয়ােজন হ’ব। ইতিমধ্যে বান পৰিস্থিতি কিছু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সম্প্ৰতি সকলো ধৰণৰ বাহনৰ বাবে প্ৰশাসনে অনুমতি প্ৰদান কৰিছে ৷

বোকাখাতৰ পাণবাৰীস্থিত বন্যপ্রাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্রত বানত আহত জন্তু বিলাকক চিকিৎসা প্রদান কৰা হৈছে। চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে ৩টা সুগৰী পহুৰ। আনহাতে, ২৩টা পহু চিকিৎসাৰ অন্তত বনত মুকলি কৰি দিয়া হৈছে আৰু ৪টা চিকিৎসাধীন অৱস্থাত আছে। ইফালে শেহতীয়া বানত কাজিৰঙাৰ অগৰাতলী বনাঞ্চলত এটা গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ বাঢ়নী পানীত উটি অহা অৱস্থাত বনকৰ্মীয়ে প্রত্যক্ষ কৰে মৃত গঁড়টো। উক্ত গঁড়টোৰ বানপানীত ডুবি মৃত্যু হােৱাৰ সন্দেহ কৰা হৈছে। বৰ্তমান সময়লৈকে ৰাষ্ট্ৰীয় উদ্যানখনত গাড়ীৰ খুন্দাত মৃত্যু হোৱা সংখ্যা ছাগলীশিঙীয়া পহুৰ সংখ্যা ১১ টা, পানীত ডুবি মৃত্যু হোৱা ছাগলী শিঙীয়া পহুৰ সংখ্যা ১৪ টা ,অন্যান্য কাৰণত মৃত্যু হোৱা ছাগলীশিঙীয়া পহুৰ সংখ্যা  ৯ টা ,পানীত ডুবি মৃত্যু হোৱা গঁড়ৰ সংখ্যা ৪ টা , অন্যান্য কাৰণত মৃত্যু হোৱা গঁড়ৰ সংখ্যা ১ টা , গাড়ীৰ খুন্দাত মৃত্যু হোৱা শৰপহুৰ সংখ্যা ১ টা  আৰু পানীত ডুবি মৃত্যু হোৱা শৰপহুৰ সংখ্যা ২ টা ৷পানীত ডুবি মৃত্যু হোৱা বনৰীয়া গাহৰিৰ সংখ্যা ৪ টা বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ পৰা তথ্য পোৱা গৈছে ৷  পানী শুকালেহে অধিক আৰু সঠিক তথ্য পোৱা যাব বুলি সংবাদ মাধ্যমক জনালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0