ডিজিটেল ডেক্স,তেজপুৰঃ আজি মহানৱমী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৌল দেৱালয়ৰ লগতে শোণিতপুৰ জিলাৰ লোক্ৰা্ৰ ঐতিহাসিক দূৰ্গা পূজাত সম্পন্ন কৰা হ’ল ম’হ বলি ।
পুৰোহিতৰ মন্ত্ৰোচাৰণ আৰু মঙ্গল ধ্বনিৰে সম্পন্ন কৰা হ’ল বলি বিধান । ৪১বছৰীয়া ইতিহাসত ম’হ বলিৰে সাক্ষী হৈ ৰ’ল ঐতিহাসিক লোক্ৰা বুঢ়াগাওঁ সাৰ্বজনীন দূৰ্গা পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক দৰ্শনাৰ্থীৰ সম্মুখত বুধবাৰে সন্ধিয়া ৫.৩০ মান বজাত পুৰোহিতৰ মন্ত্ৰোচাৰণেৰে সম্পন্ন কৰা হ’ল ম’হ বলি ।
ম’হ বলি দিয়াৰ লগতে আজি মহানৱমীৰ দিনা দিনটোতে উক্ত পূজা খনত মা দূৰ্গাৰ মাৰ চৰণত ভক্তসকলে আগবঢ়োৱা হাঁহ,পাৰ,ছাগলী,কুঁহিয়াৰ, কোমোৰা ৰ বলি দিয়া হয়।
তেজপুৰৰ পৰা মনিমলা বৰা,
105
previous post