মঙলবাৰে দুপৰীয়া দাউদাউকৈ জ্বলি উঠে তিনিচুকীয়া জিলাৰ বাঘজান। নিমিষতে ছাৰখাৰ হৈ পৰে এখন সেউজ গাঁও। সকলো দৃশ্য অসহায় হৈ চাই ৰ'বলৈ বাধ্য হৈ পৰে স্থানীয় লোকসকলে। কিন্তু কিয় এনে হবলৈ পালে? কাৰ ভুলৰ বাবে জ্বলি উঠিল শান্ত-সমাহিত বাঘজান? সকলো সামৰি বাঘজানৰ পৰা তিনিচুকীয়া জিলাৰ NNOৰ ব্যুৰ’ বিকাশজ্যোতি শইকীয়াৰ বিশেষ প্ৰতিবেদন।


► দুটা দশক পূৰ্বে তিনিচুকীয়া চহৰৰপৰা নাতিদূৰৈৰ বাঘজানত গাঁওবাসী আৰু দাঁতিকাষৰীয়া ৰাইজৰ তীব্ৰ প্ৰতিবাদ, অসন্তুষ্টি সত্ত্বেও অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজান কতৃৰ্পক্ষই তেলখাদ স্থাপন কৰি পনীয়া সোণ আহৰণ কৰি গৈ আছিল৷ অইল ইণ্ডিয়াই এনেদৰে কোনো এটা অঞ্চলত তেল আহৰণ কৰাৰ বিষয়টো নতুন বিষয় নহয়৷ কিন্তু বাঘজানত তৈল খাদ স্থাপনৰ বিষয়টো স্পৰ্শকাতৰ আছিল এই কাৰণেই যে বাঘজানৰ গাতে লাগি আছিল ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু পক্ষীবিল মাগুৰি আৰু এই খাদ স্থাপনৰ ফলশ্ৰুতিত জৈৱ-বৈচিত্ৰ্যজনিত ক্ষতি-শংকাৰ সম্ভাৱনা আছিল প্ৰচুৰ৷

অভিশপ্ত ২৭ মে’ আৰু দৃশ্যপট

দুৰ্ঘটনাৰ সূত্ৰপাত ঘটিছিল ২৭ মে’ তাৰিখে৷ সেইদিনা খাদৰ কাম চলি থকা অৱস্থাতে কাৰিকৰী বিজুতি (বহুতৰ মতে অইল কৰ্মচাৰীৰ ভুল আৰু গাফিলতি)ৰ বাবে হঠাতে বাঘজান বিজিআৰৰ ৫ নং খাদৰপৰা অহৰহ গেছ নিৰ্গত হৈ বাঘজানকে ধৰি সমীপৱৰ্তী অঞ্চলসমূহ ছানি ধৰে৷ ইয়াৰ পিছৰ দৃশ্য আছিল অতিকে হৃদয় বিদাৰক৷ এনেদৰে বিষাক্ত গেছ নিৰ্গত হোৱাৰ উপৰি গেছ নিৰ্গত খাদটোৰ ওচৰে-পাজৰে ক্ৰুড অইলৰ কিন কিন বৰষুণে অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্যৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছিল৷ এফালৰপৰা মৰি আহিছিল গছ-বন, লতিকা, পশুধন, চৰাই-চিৰিকতি৷ 

তাৰপৰা নিৰ্গত গেছ আৰু তেলসমূহ কাষৰীয়া মাগুৰি-মতাপুং বিললৈ বাগৰি যোৱাৰ ফলত দুই এদিনতে ৰিভাৰ ডলফিন নামে খ্যাত দুষ্প্ৰাপ্য শিহুৱে অকাল মৃত্যুক সাবটি ল’বলগীয়াত পৰিছিল৷ বাঘজানৰ সাধাৰণ নীৰিহ জনতা আশ্ৰয় শিবিৰৰ শৰণাপন্ন হৈছিল৷ গোটেই অঞ্চলটোত গেছ নিগৰ্মনৰ গোঁ-গোঁ শব্দ, বিষাক্ত গেছৰ দুৰ্গন্ধই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ বাঘজান শিবিৰ, বাঘজান দলঙত স্থানীয় ৰাইজ, মহিলাসকলে প্ৰতিবাদী অৱস্থান গ্ৰহণ কৰিছিল৷ কৰ’নাৰ সামাজিক দূৰত্ব বৰ্তাই ৰাখি (চ’ছিয়েল ডিচটেন্স মেইনটেইন) যদিও প্ৰতিবাদ অব্যাহত আছিল৷ সেই প্ৰতিবাদী অৱস্থানত ষাঠি উদ্ধৰ্ৰ বৃদ্ধ-বৃদ্ধাৰ অংশগ্ৰহণৰ দৃশ্য আছিল বুকু কঁপাই যোৱা ধৰণৰ৷ 

প্ৰতিবাদ, গেছ-তেল নিৰ্গমণ, জৈৱ-বৈচিত্ৰ্য ক্ৰমান্বয়ে ধবংস হৈ অহাৰ মাজতে গোটেই অঞ্চলটোতে অনবৰতে যিকোনো মুহূৰ্ততে নামি আহিবপৰা দুৰ্ঘটনাৰ ভয়ে সকলোকে সন্ত্ৰস্ত কৰি ৰাখিছিল৷ নিজম-নিতাল পৰিৱেশৰ মাজত এখন ভয়লগা ছবিয়ে প্ৰত্যক্ষদৰ্শী সকলোৰে মন আলোড়িত কৰি ৰখাটো ঘটনাস্থলীত উপস্থিত হোৱাসকলেহে উপলব্ধি কৰিব পাৰিব৷ ‘মাই ৰ’দ দিলেই চৱ জ্বলি উঠিব...’–এগৰাকী বৃদ্ধাৰ আশংকাজনিত মন্তব্য আছিল এয়া৷ (উৎসঃ জুৰী বৰা বৰগোঁহাইৰ ফেচবুক ৱাল)৷ 


• ফটোঃ প্ৰদীপ গগৈ


পৰিৱেশ এনেকুৱাই আছিল৷ নিৰীহ জনতাৰ হাতত বিকল্প উপায়ো নাছিল৷ তেওঁলোকে নাজানে গেছ নিৰ্গমন ৰোধ কৰাৰ কাৰিকৰী পদ্ধতি, নাজানে অইল কতৃৰ্পক্ষৰ আঁচনি কি? পৰিস্থিতিৰ ওচৰত হাৰ মানি নেদেখাজনৰ কৃপালৈ আশা কৰাৰ বাদে একোৱে সম্বল নাছিল তেওঁলোকৰ৷ গোহালিৰ গৰু মৰিছিল, ছাগলী মৰিছিল, মাছ-কাছ মৰিছিল৷ উশাহ-নিশাহ লোৱাত কষ্ট হৈছিল৷ আপোন ঘৰখন এৰি, দেখি থকা ঘৰখন এৰি ওচৰতে আশ্ৰয় শিবিৰত থাকিবলগীয়া হোৱাৰ যন্ত্ৰণা কোনে বুজিব?

অইল, প্ৰশাসনৰ ভূমিকা কি আছিল? 

এনে এটা বিৰাট দুৰ্ঘটনা ঘটি যোৱাৰ পিছত অইল, তিনিচুকীয়া জিলা প্ৰশাসনে কি কৰি আছিল? দুৰ্ঘটনাটো ঘটি যোৱাৰ পিছত বাঘজানবাসী ৰাইজক আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰাৰ পিছত আশ্ৰয় শিবিৰত ৰচদ-পাতি যোগান দিয়াটোৱেই অইলৰ সৰ্বশেষ ভূমিকা আছিলনে? নে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ ৰিলিজেই যথেষ্ট আছিল! যিসময়ত গোটেই অঞ্চলটো জল, স্থল, বায়ু প্ৰদূষণেৰে ভাৰাক্ৰান্ত হৈ আছিল সেই সময়ত অইলৰ তৰফৰপৰা দুৰ্যোগ প্ৰশমনৰ কোনো কাৰিকৰী ভূমিকা অইল কতৃৰ্পক্ষৰ দ্বাৰা প্ৰত্যক্ষ নহ’ল৷

যিকোনো মুহূৰ্ততে যিকোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হ’বপৰাৰ সম্ভাৱনা থকা সত্ত্বেও অইলৰ তৰফৰপৰা সম্ভাৱ্য দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ কোনো প্ৰচেষ্টা লোৱা হোৱা নাছিল, সুৰক্ষা কৰ্মীও মজুত নাছিল৷ তদুপৰি স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি জনসংখ্যাৰ অনুপাত অনুসৰি শিবিৰ আৰু ৰচদ-পাতিও পৰ্যাপ্ত নাছিল৷ স্থানীয় ৰাইজৰ অভিযোগ, চৈধ্যদিন ধৰি নীৰৱে থকা অইল ইণ্ডিয়াই সমস্যা সমাধানৰ বাবে শেষত খাদটোত জুই লগোৱাৰ পৰিকল্পনা কৰিছিল যদিও জুই লগাৰ দিয়াৰ পিছৰ সম্ভাৱ্য পৰিস্থিতি চম্ভালাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা কৰা নাছিল৷ 

তদুপৰি দুৰ্ঘটনাৰ ভয়াৱহতালৈ চাই মজুত ৰখা অগ্নি নিৰ্বাপনৰ গাড়ীও যথেষ্ট নাছিল৷ ইফালে ইমান গুৰুতৰ এটা দুৰ্ঘটনা ঘটি যোৱাৰ পিছতো দুৰ্ঘটনাস্থলীলৈ অইলৰ উদ্ধৰ্তন কতৃৰ্পক্ষৰ পৰিদৰ্শন যথেষ্ট নাছিল বুলি ৰাইজে অভিযোগ কৰিছে৷ অন্যহাতে সাধাৰণ ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্বত থকা চৰকাৰ তথা জিলা প্ৰশাসনৰ ভূমিকাও চকু মুদা কুলিৰ দৰে আছিল বুলি স্থানীয় ৰাইজৰ অভিযোগ৷ দিনৰ পিছত দিন ধৰি ৰাইজ প্ৰতিবাদস্থলীত অৱস্থান কৰি থকাৰ পিছতো প্ৰশাসনৰ তৰফৰপৰা উপযুক্ত আশ্বাস, ভূমিকাও দেখা নাপালে বুলি ৰাইজে ক্ষোভ ব্যক্ত কৰিছে৷ বিপৰীতে এজন কংগ্ৰেছী বিধায়কে ভোটৰ ৰাজনীতিৰ অংক কৰি দুৰ্ঘটনাস্থলীৰ বহু আঁতৰত শিবিৰ স্থাপন কৰা বুলিও ৰাইজে অভিযোগ কৰিছে৷

অইল সঁচাকৈয়ে নিৰ্দোষী নে? 

বাঘজান কাণ্ডটোত বহুতে অইলৰ গাফিলতি আৰু অৱহেলাৰ ফল বুলি কোৱাৰ বিপৰীতে অইল নিৰ্দোষী আৰু গোটেই ঘটনাটো এটা হঠাতে হোৱা দুৰ্ঘটনা বুলি দৃষ্টি সলোৱাৰ চেষ্টা কৰিছে৷ কিন্তু আমাৰ হাতত পৰা তথ্য অনুসৰি উল্লিখিত স্থানত খাদ স্থাপন কৰাৰ সময়ত ভূগৰ্ভত যথেষ্ট পৰিমাণে সহজতে জুই লাগিব পৰা তৰলীকৃত কণ্ডেনচেট থকাৰ কথা ব্যক্ত কৰিছে অইলৰ প্ৰাক্তন ভূ-বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াই৷ কিন্তু লুণ্ঠনৰ উদ্দেশ্য সমুখত ৰাখি কাম কৰা অইলৰ শীৰ্ষ বিষয়াই ভূ-বিজ্ঞানীজনৰ মন্তব্যক ককৰ্থনা কৰি খাদটোৰ ভূ-গৰ্ভত সামান্য পৰিমাণৰ গেছ থকাৰ কথাহে ব্যক্ত কৰিছিল৷

নিজৰ ফেচবুক ৱালত ভূ-বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াই উল্লেখ কৰিছে, “... ২০০৫ চনত এই তৈলক্ষেত্ৰখনৰ (খাদ), বৈজ্ঞানিক তথ্য সমূহ সংগ্ৰহ আৰু দায়িত্বত আছিল HALLIBURTON LOGGING SERVICE ASIA৷ সেই সময়ত HALLIBURTON ASIA ৰ জ্যেষ্ঠ ভূ-পদাৰ্থবিজ্ঞানী হিচাপে এই দায়িত্ব মোৰ ওপৰত নিহিত আছিল৷ প্ৰথমবাৰৰ বাবে Neuclear Magnetic Resonance নামৰ এক বিশেষ  (NMR/MRI)  প্ৰযুক্তি ব্যৱহাৰ কৰি এই বাঘজান তৈলক্ষেত্ৰৰ তেল আৰু প্ৰাকৃতিক গেছৰ অৱস্থান তথা স্থিতি আৰু গুণসমূহ নিশ্চিত কৰা হৈছিল৷ মই ব্যক্তিগতভাবে তদাৰক কৰি তথ্যসমোহ সংগ্ৰহ কৰাৰ লগতে বিভিন্ন ধৰণৰ অধ্যয়ন কৰি OIL কৰ্তৃপক্ষৰ শীৰ্ষতম বিষয়া (বি এন তালুকদাৰ)ৰ কক্ষত এই অধ্যয়ন তথা সম্ভাব্য তৰলৰ গুণ সমূহৰ ব্যাখ্যা দাঙি ধৰিছিলো৷ মোৰ (NMR/MRI তথ্য) অধ্যয়ন স্পষ্ট আছিল যে খাদটোত মূলতঃ কণ্ডেনচেট আৰু সংযোজিত গেছ আছে৷’

তেওঁ আৰু লিখিছে, ‘OIL কৰ্তৃপক্ষৰ কেইজনমান তথাকথিত বৰমূৰীয়াই মোৰ অধ্যয়ন ভুল বুলি কৈ ককৰ্থনা কৰিছিল৷ কাৰণ তেওঁলোকৰ মতে এই খাদটোত গেছহে আছে৷ আৰু নাম মাত্ৰ কণ্ডেনচেট আছে৷ কেইদিনমানৰ বিভিন্ন পৰীক্ষা-নীৰিক্ষাৰ পিছত খাদটো সজীৱ হৈ উঠিছিল আৰু গেছ আৰু কণ্ডেনচেটৰ প্ৰবাহ নিশ্চিত কৰিছিল৷ এদিন ৰাতি প্ৰায় ১১ বজাত খাদটোৰ পৰা ফোনত জনালে যে খাদটোৰ পৰা মই ভবাৰ দৰেই তৰলিকৃত Gas/Gas Condenset প্ৰবাহিত হৈছে৷’


• মাগুৰি-মতাপুং বিলৰ মঙলবাৰৰ নিশাৰ দৃশ্য, ফটোঃ প্ৰতিবেদক


এনে অধ্যয়নৰ বাবে চাকৰিৰ যোৱা-থোৱা অৱস্থা হৈছিল বুলিও পোষ্টটোত উল্লেখ কৰিছে ভূবিজ্ঞানীগৰাকীয়ে। প্ৰদীপ কুমাৰ শইকীয়াৰ দৰে জ্যেষ্ঠ ভূ-বিজ্ঞানীজনৰ এই স্বীকাৰোক্তিয়ে স্পষ্ট কৰি দিয়ে যে কেৱল সম্পদ আহৰণ আৰু লুণ্ঠনৰ স্বাৰ্থতে অইলৰ শীৰ্ষতম কতৃৰ্পক্ষই জনজীৱনক পণবন্দী কৰি তেল-গেছ আহৰণ কৰাৰ বাবে যিকোনো পৰ্যায়লৈ নামিব পাৰে৷ একেজন প্ৰদীপ কুমাৰ শইকীয়াই নিজৰ ফেচবুকত ৱালত স্পষ্ট কৰি দিছে– “বৰষুণ এৰি ৰ’দ দিলেই জুই লগাটো নিশ্চিত সেইটো কথা আজি কেইবাদিনৰ আগতেই মই স্পষ্টকৈ কৈছিলো৷”

অন্যহাতে উদীয়মান Geophysicist/Seismologist কল্পজ্যোতি ফুকনে কৈছে, “অইল ইণ্ডিয়াই যিটো কোম্পানীক নিবিদা দিছিল সেই কোম্পানীটোৰ কাম-কাজ চোৱা চিতা কৰিবলৈ প্ৰতিটো সময়তে অইল ইণ্ডিয়া ৰিপ্ৰেজেণ্টেটিভ থকাৰ পাছতো কেনেকৈ দুৰ্ঘটনাটো হ’ব পালে? সেই ৰিপ্ৰেজেণ্টেটিভসকল Contractual নে Permanent আছিল? কোম্পানীটোৱে কাম আৰম্ভ কৰাৰ আগত Technical Inspection, Key personnel Inspection, HSড্ৰ inspection আদি ভালকৈ কৰিছিলনে? Instrument Testing report ভালকৈ অধ্যয়ন কৰিছিল নে? Key personnel ৰ Experience ৰ লগতে সিহঁতৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰা (প্ৰায়েই নকৰে) হৈছিল নে? কি ভিত্তিত কোম্পানীটোক নিবিদা দিয়া হৈছিল? কম টকাৰ bidding কৰা বাবে নে কোম্পানীটোৰ working strategy বা Experienceৰ কাৰণে?” 

নিজস্ব অভিজ্ঞতাৰ ভিত্তিত কল্পজ্যোতি ফুকনে আৰু কৈছে, “সচৰাচৰ কম টকাৰ bidding কোম্পানীকে Tender দিয়া হয়৷ আৰু সেই কম bidding কৰা কোম্পানীবোৰে কম খৰছত কাম কৰিবলগীয়া হয়৷ কম খৰছত কাম কৰিবলগীয়া হোৱা বাবে খৰছ কমাবলৈ বিভিন্ন ধৰণৰ দুৰ্নীতি কৰা দেখা যায়৷ অইল ইণ্ডিয়াৰ বিষয়াৰ পৰা Petrolium Ministry ৰ বিষয়ালৈকে পাইচা পাতি লেনদেনৰ কথা শুনা যায়৷ অপ্ৰিয় হলেও সত্য যে অইল ইণ্ডিয়াই Tender দিয়া কোম্পানীৰ কাম কাজ চাবলৈ যিসকল প্ৰতিনিধি পঠিয়াই সিহঁতৰ বেছিভাগৰে Technical knowledge নাই বুলি ক’ব পাৰি। ...আচৰিত কথাটো হল ছিংগাপুৰত domestic oil reserves নাই, এই দেশে কেৱল Crude OIL import হে কৰে৷ আছে কেৱল world class refining, storage and distribution infrastructure৷ কিন্তু আমাৰ দেশত? অথচ আমি Expert মাতিছো সেইখন দেশৰ পৰা৷’

উল্লিখিত এই বিষয়-সূত্ৰবোৰে প্ৰমাণ কৰে যে বাঘজানত তেলখাদৰ পৰা গেছ নিগৰ্মণ, তেলখাদত জুই লগা ইত্যাদিৰ ক্ষেত্ৰত অইলে কোনোধৰণৰ কাৰ্যকৰী আগতীয়া কাৰিকৰী ব্যৱস্থা লোৱা নাছিল বাবেই এনে বৃহৎ দুৰ্ঘটনা ঘটিবলৈ পালে।

বাঘজান কাণ্ডত দল-সংগঠনৰ ভূমিকা

বিভিন্ন সময়ত অসমৰ বিভিন্ন জ্বলন্ত সমস্যা তথা অইলৰো বিভিন্ন কাম-কাজক তীব্ৰ সমালোচনা কৰি অহা অহা দল-সংগঠনসমূহে বাঘজান কাণ্ডৰ ক্ষেত্ৰত ক’ৰবাত আপোচ কৰিছে নেকি? যদিও বাঘজানবাসী ৰাইজৰ ওচৰত দল-সংগঠনসমূহৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে ক’ৰবাত যেন আপোচ-মীমাংসাৰ বিষয় এটা উহ্য হৈ আছে৷ কাৰণ বাঘজানত সংঘটিত এনে দুৰ্ঘটনাৰ বিৰুদ্ধে দল-সংগঠনসমূহ যিদৰে সোচ্ছাৰ হৈ উঠিব লাগিছিল তাৰ প্ৰতিফলন আজিকোপতি দেখিবলৈ পোৱা নাই৷ অইলে আগতীয়াকৈ দল-সংগঠনক মেনেজ কৰিছে নেকি? 

এই প্ৰসংগত প্ৰতিষ্ঠিত সাংবাদিক ৰবীন মৰাণৰ এটা ফেচবুক পষ্ট মন কৰিবলগীয়া। তেওঁ লিখিছে, “বিশ্বখ্যাত বায়’ষ্ফিয়েৰ ৰিজাৰ্ভ ফৰেষ্টযুক্ত ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ছেনচিটিভ জ’ন তথা বসতিপূৰ্ণ অঞ্চলত কাৰ সেউজ সংকেতমতে অইলে তেল খাদ ড্ৰিলিঙৰ অনুমতি লাভ কৰিলে? প্ৰকল্প ষ্ট’লেচনৰ ১৬ অনা নথি-পত্ৰ লাভ কৰিছেনে অই কতৃৰ্পক্ষই? ইফালে অতিথি পক্ষীসহ কেইবাশ ভিন্ন প্ৰজাতিৰ পক্ষীৰ বিচৰণ ক্ষেত্ৰ, পৰ্যটনস্থলী বিশ্বখ্যাত মাগুৰি-মতাপুং বিলৰ ওপৰেদি বাঘজান-বাৰেকুৰি অঞ্চললৈ সম্প্ৰসাৰিত বিপদসংকুল সুদীৰ্ঘ পাইপ লাইন স্থাপনৰ বাবে কোনে কোনে মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰি প্ৰায় ৬ কোটি টকাৰ টোপ গিলিলে তাৰ সঠিক হিচাপ কোনোবাই দিব পাৰিবনে? বাঘজান কাণ্ড নিয়ন্ত্ৰণৰ বাবে অইল ইণ্ডিয়াই বিনা নিবিদাৰে আহ্বান জনোৱা ৩০খন বাহনৰ যোগান কোনে কোনে ধৰিব তাকো লক্ষ্য ৰাখিছে ভূ ৰখা মহলে৷” 

ইয়েই প্ৰমাণ কৰে যে অইল ইণ্ডিয়া লিমিটেডে দল-সংগঠন-মধ্যস্থতাকাৰীৰ সুবিধা লৈ মেনেজে কৰি সাধাৰণ জনতাক পণবন্দী কৰি এটা বৃহত্তৰ অঞ্চলৰ জৈৱ-বৈচিত্ৰ্যক বন্ধকত থৈ তেল আহৰণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷ অন্যহাতে বাঘজান কাণ্ডক লৈ আচৰিত ধৰণেৰে নীৰৱ ভূমিকা পালন কৰিছে জিলাখনৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনে৷ ইয়াতকৈও ডাঙৰ কথা প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ, বন বিভাগৰ নিষ্ক্ৰিয় ভূমিকাও সন্দেহজনক হৈ উঠিছে৷

দুৰ্ঘটনাত হতাহত আৰু ক্ষয়-ক্ষতিৰ পৰিমাণ

মন কৰিবলগীয়া যে ইতিমধ্যে বাঘজানৰ তেল খাদত জুই লগাৰ ফলত দুজন অইল কৰ্মচাৰী নিহত হোৱাৰ খবৰ আহিছে৷ এক অসমৰ্থিত সূত্ৰৰ মতে দুৰ্ঘটনা ঘটাৰ সময়ত তাত বহু লোকে কাম কৰি আছিল৷ কোনে কোনে কি অৱস্থাত কাম কৰি আছিল, হতাহতৰ প্ৰকৃত তথ্য এতিয়ালৈ কোনো পক্ষই সদৰী কৰা নাই যদিও সমগ্ৰ বিষয়টো এতিয়াও ৰহস্যৰ আৱৰ্তত৷ 

স্থানীয় ৰাইজে জনোৱা মতে খাদৰ জুইয়ে বাঘজানৰ পোন্ধৰ-বিশটা ঘৰ ভস্মীভূত কৰাৰ উপৰি ব্যক্তিগত চাহ বাগান, অন্যান্য স্থাৱৰ-অস্থাৱৰ সম্পত্তি পুৰি ছাৰখাৰ কৰি পেলাইছে৷ একেদৰে দুজনকৈ কৰ্মচাৰী সন্ধানহীন হোৱাৰ পিছতো মঙলবাৰে সেয়া অইলে অস্বীকাৰ কৰি অহা বিষয়টোৱেও সকলোকে হতবাক কৰি তুলিছে। নিজৰ কৰ্মচাৰীৰ জীৱনক লৈয়ো যে অইল কৰ্তৃপক্ষ মুঠেই উদ্বিগ্ন নহয় সেয়াও কৰ্মচাৰী দুজন সন্ধানহীন হৈ থকাৰ কথা গোপন কৰিবলৈ চেষ্টা চলোৱাটোৱে স্পষ্ট কৰি তুলিছে বুলিও ভিন্নজনে অভিযোগ কৰিছে।

ক্ষতিপূৰণ শেষ সমাধান হ’বনে?

বাঘজান দুৰ্ঘটনাক লৈ অইলৰ শেহতীয়া স্থিতিক লৈ বহুতেই সন্তুষ্ট হ’বপৰা নাই৷ দুৰ্ঘটনাস্থল তিনিচুকীয়াৰ পৰা নাতিদূৰৰ বাঘজানত হোৱাৰ পিছত তিনিচুকীয়াত সংবাদ মেল অনুষ্ঠিত নকৰি অইল কতৃৰ্পক্ষই দুলীয়াজানত অইল কতৃৰ্পক্ষই সংবাদ মেল অনুষ্ঠিত কৰাক লৈও প্ৰশ্ন উঠিছে৷ প্ৰশ্ন উঠিছে কেৱল সংবাদ মেল অনুষ্ঠিত কৰি একেসময়তে অইল ইণ্ডিয়া কতৃৰ্পক্ষই দ্বিচাৰী ভূমিকা গ্ৰহণ কৰিছে৷ অন্যহাতে জুই নিৰ্বাপণৰ সময়সীমাও অইলে নিৰ্ধাৰণ কৰি দিব পৰা নাই৷ এনে ক্ষেত্ৰত বৃহত্তৰ বাঘজান আৰু দাঁতি-কাষৰীয়া অঞ্চলটোৰ আসন্ন ভৱিষ্যত কি হ’ব তাক লৈও বিৰাট প্ৰশ্নবোধকৰ সৃষ্টি হৈছে৷

বাঘজান কাণ্ডৰ ফলত অঞ্চলটোত ৰাইজকে ধৰি, পশুধন, জলচৰ, স্থলচৰ, পক্ষীকুলৰ যি ব্যাপক ক্ষয়-ক্ষতি সাধন হৈছে সেয়া অইল কতৃৰ্পক্ষই কেনেকৈ পূৰণ কৰিব৷ সাধাৰণ ৰাইজক টকা-পইচাৰে ক্ষতিপূৰণ আদায় দিলেও অঞ্চলটোত দুসপ্তাহ ধৰি বিষাক্ত গেছ, কণ্ডেনচেট নিগৰ্মনৰ পিছত যি স্বাস্থ্যশংকাই দেখা দিছে সেয়া নিৰাময়ৰ ব্যৱস্থা কৰিব পৰা হ’বনে? নিচেই কাষৰীয়া মাগুৰি-মতাপুং পক্ষী বিল, দুষ্প্ৰাপ্য ছবিধ ভিন্ন প্ৰজাতিৰ পক্ষীৰ সামূহিক ক্ষতি, ডিব্ৰু-ছৈখোৱাৰ জৈৱ-বৈচিত্ৰ্যত পৰা চৰম আঘাতৰ মোকাবিলা কৰাত অইল কতৃৰ্পক্ষ তথা প্ৰশাসনে কি ভূমিকা ল’ব তাক লৈও সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে৷ 

নহ’লে কেৱল দল, সংগঠন, মধ্যভোগীৰ মাজৰ কমিছনৰ অংকতেই বাঘজানৰ লগতে শেষ হৈ যাব নেকি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, মাগুৰি-মতাপুং বিল? কেৱল টকাৰ ওপৰত চলি থকা অইলে টকাৰ জোৰতেই সকলো মেনেজ কৰি ল’ব নেকি সেয়াও আজিৰ তাৰিখত প্ৰাসংগিক প্ৰশ্ন হৈ পৰিছে৷ পৰিতাপৰ কথা এয়ে যে বাঘজানৰ জুই এতিয়ালৈ নিৰ্বাপিত হোৱা নাই আৰু কেতিয়ালৈ এই ধবংসলীলা অব্যাহত থাকিব তাৰ কোনো নিশ্চয়তা নাই৷ ইফালে ছিংগাপুৰৰ পৰা অহা বিশেষজ্ঞৰ দলে কৈছে যে গেছৰ নিৰ্গমন বন্ধ হ’বলৈ অতি কমেও আৰু ৪ সপ্তাহৰ প্ৰয়োজন হ’ব পাৰে। এনেদৰেই এতিয়া এই কৰ’না কালত আৰু কেবাদিনলৈ অন্য এক ভয়-শংকাৰ মাজতেই পাৰ কৰিবলৈ বাধ্য হৈ পৰিছে বাঘজানবাসী।

(ওপৰত ব্যৱহাৰ কৰা ফটোখন কেমেৰাত ধৰি ৰাখিছে দিগন্ত ৰাজখোৱাই। ফটোখন ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোখন ছ'চিয়েল মিডিয়াৰ পৰাই সংগ্ৰহ কৰা হৈছে।)