ডিজিটেল ডেস্কঃ কটপ্পাক কোনে মাৰিলে সেয়া নিজে চিনেমাখন নাচালেও বন্ধুৰ মুখে শুনিও ক্ষান্ত হ’ব পৰা নাই কোনো। নিজ চকুৰে সেয়া চোৱাৰ বাবে উৎসুকতা দমাব নোৱাৰা চলচিত্ৰপ্ৰেমীৰ সেয়ে ভিৰ অব্যাহত আছে ছবিগৃহত। 

সেয়ে এতিয়াও টিকট পোৱাটো মস্কিল হৈ পৰিছে বাহুবলী ২ৰ। এসপ্তাহ পাৰ হৈ যোৱাৰ পিছতো হাউছফুল হৈ থকা বাহুবলী ২ খন চাবৰ বাবে দৰ্শকে টিকট বিচাৰি নাপাই হাবাথুৰি খাইছে। অভিলেখ হাৰত বিক্ৰী হৈছে টিকট। ব্লেকত ৫০০-১০০০ পৰ্যন্ত টকাত বিক্ৰী হৈছে বাহুবলীৰ টিকট। 

টিকটৰ বাবে এনে খোৱাৰ সময়তে যদি আপুনি ৩০ টকাতেই এটা এচি চিনেমাহলত আৰামত কম দামতে পপকৰ্ণ লৈ চিনেমাখনত উপভোগ কৰিব পাৰে, তেন্তে কেনে লাগিব। সঁচাই, এয়া কোনো কল্পনা নহয়। কলকাতাৰ এটা বিশেষ ছবিঘৰত এনেদৰে ৩০ টকাত বিক্ৰী হৈছে বাহুবলীৰ টিকট। 

তাতকৈ বেছি দিব খুজিলে আপুনি ৭০ টকা দিয়ো ভিআইপি চিটত বহি উপভোগ কৰিব পাৰে মেগামুভিখন। 
এয়া ভুৱা বাতৰি নহয়। কলকাতাৰ ঐতিহ্যমণ্ডিত নন্দন হলত মাত্ৰ ৩০ টকাতে দিয়া হৈছে বাহুবলীৰ টিকট।

কিংবদন্তী চলচিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়ে নিজহাতে লগো তৈয়াৰ কৰা এই ছবিগৃহত প্ৰতিবছৰে উদযাপন কৰা হয় আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱ। এই মহোৎসৱতে কম মূল্যতে টিকট ক্ৰয় কৰি ছবিগৃহটোত উপভোগ কৰিব পাৰিব বাহুবলী ২।