69
ডিজিটেল ডেস্কঃ বক্স অফিচৰ সকলো অভিলেখ ভংগ কৰি ৫০০ কোটিৰ ঘাই চুব ওলোৱা বাহুবলী ২ ছবিখনক লৈ উৎসাহৰ শেষ নোহোৱাৰ মাজতে আহিছে এক বেয়া খবৰ। এতিয়া বাহুবলী যাবলগীয়া হ’ব পাৰে জেললৈ৷
হায়দাৰাবাদৰ এক সম্প্ৰদায়ে গোচৰ ৰুজু কৰিছে বাহুবলীৰ বিৰুদ্ধে৷ কটিকা নামৰ সম্প্ৰদায়টোৱে ৰুজু কৰিছে৷ চলচিত্ৰখনৰ কেইবাটাও দৃশ্যত সম্প্ৰদায়টোক অপমান কৰাৰ অভিযোগ তুলি বাহুবলীৰ সমগ্ৰ টিমৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছে কটিকা সম্প্ৰদায়টোৱে৷