ডিজিটেল ডেস্কঃ কেইঘণ্টামানতে ১০০কোটিৰ ঘৰত বাহুবলী-২৷ এছ ৰাজামৌলীৰ বাহুবলী-২য়ে ২৪ঘণ্টাতে ভাঙিব বক্স অফিচৰ সৰ্ব কালৰ অভিলেখ৷

অৰ্ক মিডিয়া নামৰ প্ৰতিষ্ঠানটোৰ সমীক্ষা অনুসৰি আজিয়েই ১০০কোটি অতিক্ৰম কৰিব চলচিত্ৰখনে৷ আনহাতে আন কিছুমান বাণিজ্য ছাইটৰ অনুমান অনুসৰি এই পৰিমাণ ১২৫ কোটিও হ’ব পাৰে৷

চলচিত্ৰখনৰ হিন্দী সংস্কৰণটোৱে উপাৰ্জন কৰিছে ৩০-৪০কোটি৷ অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত সকলোতকৈ বেছি ব্যৱসায় কৰিছে বাহুবলীয়ে৷

উল্লেখযোগ্য যে মুক্তিৰ পূৰ্বেই অগ্ৰিম টিকট বুকিঙৰ ক্ষেত্ৰত ডংগলৰ অভিলেখ ভাঙিছিল চলচিত্ৰখনে৷ শুকুৰবাৰে চলচিত্ৰখন মুক্তিৰ পিছতেই চ’চিয়েল নেটৱৰ্কিং ছাইটত আলোচ্য বিষয় হৈ পৰিছে বাহুবলী-২৷ কট্টাপা আৰু বাহুবলীৰ ৰহস্য জানিবলৈয়ে যেন তৎপৰ হৈ পৰিছে সমগ্ৰ ভাৰত৷