মুম্বাইঃ মুক্তি পালে “বাহুবলী ২“ৰ ট্ৰেইলাৰ৷ মুক্তিৰ কেইঘন্টামান পিছতেই চলচিত্ৰখনৰ ট্ৰেইলাৰে ইউটিউবত সকলোতকৈ বেছি ট্ৰেণ্ডিঙত থকা বিষয়ত অন্তৰ্ভুক্ত হৈছে৷ ইতিমধ্যে ৩ লাখ ৫০ হাজাৰ লোকে চাইছে ট্ৰেইলৰটো৷ ২ বছৰৰ পিছত ২৮ এপ্ৰিলত মুক্তি পাব বাহুবলী ২৷

২০১৫ৰ  ব্লকবাষ্টাৰ চলচিত্ৰখনে কেৱল দাক্ষিণাত্যতে নহয় সমগ্ৰ দেশতে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছিল বাহুবলীয়ে৷ তেলেগু চলচিত্ৰ নিৰ্দেশক এছ এছ ৰাজমৌলীয়ে চলচিত্ৰখন পৰিচালনা কৰিছে৷ চলচিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা প্ৰভাসে৷ 

তদুপৰি বাহুবলী৩ও নিৰ্মান হ’ব বুলি জনাই নিৰ্মাতাই৷ বাহুবলী ৰ আটাইতকৈ ডাঙৰ ৰহস্য কট্টপ্পাই কিয় হত্যা কৰিলে বাহুবলীক  এইৰহস্য বাহুবলী ২ত নিজেই উন্মোচন কৰিব কট্টাপ্পাই৷