বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান পূৱ কামৰূপ মহাবিদ্যালয় আৰু মদনকামদেৱ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত অৱসৰ প্ৰাপ্ত অধ্যাপক-শিক্ষক-কৰ্মচাৰীক শুকুৰবাৰে বিদায় সম্বর্ধনা জনাই ৰাইজে৷
পূৱ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বলেন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত এখন সভাত মহাবিদ্যালয়খনৰ সুদীৰ্ঘ কাল ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাৰে নিষ্ঠাৰে শিক্ষাদান কৰি অহা ড০ নৃপেন্দ্ৰ নাথ তালুকদাৰক বিদায় সম্বৰ্থনা জনায়৷