গুৱাহাটীঃ বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ জেলত সময় পাৰ কৰা ২৩গৰাকী APS-ACSৰ জামিন সন্দৰ্ভত সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ’ব৷ ২৩ গৰাকী ACS-APS-এ ইতিমধ্যে নিম্ন আদালতত জামিন আৱেদন কৰি মুখথেকছা খোৱাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আৱেদন কৰে৷ উচ্চ ন্যায়ালয়ে সোমবাৰে শুনানিৰ দিন ধাৰ্য কৰে৷
ACS-APS কেইগৰাকী ধন দি চাকৰি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হৈ আছে আটাইকেইগৰাকী APS-ACS তথা ৰাজ পত্ৰিত বিষয়াই৷ বক্ৰ পথেৰে চাকৰি লৈ ২৩ গৰাকীকৈ APS-ACS-এ জেলত থাকিব লগা হোৱাৰ সময়তে পুনৰ ৯গৰাকীকৈ APS-ACSক যোৱা ৭ ফেব্ৰুৱাৰীত জেৰা কৰে অসম আৰক্ষীয়ে৷ ২০১৭ বৰ্ষৰ ৮ নৱেম্বৰৰ পৰা এতিয়ালৈ ২৫গৰাকী APS-ACSক ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ জালত পৰি জেলত সময় অতিবাহিত কৰিব লগা হৈছে৷