newsnextone.com | গুৱাহাটীঃ যোৱা ৭ জুলাইৰ পৰা নিৰুদ্দেশ হৈ থকা ধৰ্ষণৰ গোচৰৰ অভিযুক্ত ইউডিএফৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ বুধবাৰে জামিন আবেদন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ জানিব পাৰ মতে, দুদিন পূৰ্বে বিধায়ক নিজাম উদ্দিনৰ অধিবক্তাই অন্তৰ্ৱৰ্তী জামিন আৱেদন কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত।
উল্লেখ্য যে, বৰাক উপত্যকাৰ আলগাপুৰ সমষ্টিৰ ইউডিএফৰ পলাতক বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ বিৰুদ্ধে এগৰাকী মহিলাই হাইলাকান্দিৰ আবৰ্ত ভৱনত ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে৷ হাইলাকান্দিৰ মহিলাগৰাকীয়ে নিজ স্বামীৰ সহায়ত বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে তেওঁক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰাত চাঞ্চল্যৰ সৃষ্টি হয়৷