55
গুৱাহাটীঃ কাশ্মীৰত ক্ৰমাৎ বৃদ্ধি পাই অহা দেশ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বজৰং দল। এই অনুযায়ী সমগ্ৰ দেশৰ লগতে মহানগৰীৰ দীঘলীপুখুৰীতো বজৰঙে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
বজৰং দলৰ সদস্যসকলে এক প্ৰতিবাদী সমদলো উলিয়াই। এই প্ৰতিবাদী সমদলত দেশবিৰোধী শক্তি মূৰ্দাবাদ, পাকিস্তান মুৰ্দাবাদ, ভাৰত মাতা কী জয়’ ধ্বনি দি দীঘলী পুখুৰী কপাই তোলে বজৰঙৰ সদস্যসকলে। সমদলৰ মাজতে বজৰঙৰ সদস্যসকলে পাকিস্তানৰ পতাকাও দাহ কৰে।