গুৱাহাটীঃ কাশ্মীৰত ক্ৰমাৎ বৃদ্ধি পাই অহা দেশ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বজৰং দল। এই অনুযায়ী সমগ্ৰ দেশৰ লগতে মহানগৰীৰ দীঘলীপুখুৰীতো বজৰঙে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

বজৰং দলৰ সদস্যসকলে এক প্ৰতিবাদী সমদলো উলিয়াই। এই প্ৰতিবাদী সমদলত দেশবিৰোধী শক্তি মূৰ্দাবাদ, পাকিস্তান মুৰ্দাবাদ, ভাৰত মাতা কী জয়' ধ্বনি দি দীঘলী পুখুৰী কপাই তোলে বজৰঙৰ সদস্যসকলে। সমদলৰ মাজতে বজৰঙৰ সদস্যসকলে পাকিস্তানৰ পতাকাও দাহ কৰে।

অৱস্থান ধৰ্মঘটৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বজৰঙৰ মহানগৰ শাখাৰ নেতৃত্বই কাশ্মীৰত হৈ অহা দেশদ্ৰোহী কাৰ্যকলাপক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে। ভূ-স্বৰ্গ আখ্যা পোৱা ৰাজ্যখনত সেনাক আক্ৰমণকাৰীসকলক নিৰ্দোষী সজাই অহা মানব অধিকাৰ সংস্থাসমূহৰ বিৰুদ্ধেও সৰব হৈ পৰে বজৰং।

অৱস্থান ধৰ্মঘট আৰু প্ৰতিবাদী সমদলৰ অন্তত প্ৰতিবাদকাৰীসকলে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। লগতে স্পৰ্শকাতৰ বিষয়টোক লৈ সকলোকে মাৰ বান্ধি থিয় হৈ দেশৰ পক্ষে মাত মাতিবলৈ আহ্বান জনায়।