newsnextone.com ওৰাংঃ কট্টৰ হিন্দুত্ববাদী নেতা প্ৰবীণ টোগাড়ীয়াক উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণত বাধা প্ৰদান কৰাত সোচ্চাৰ হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ নামৰ সংগঠনটোৰ নেতা-কৰ্মী৷ বিশেষকৈ প্ৰবীণ টোগাড়ীয়াক অসম ভ্ৰমণত বাধা প্ৰদান কৰা বুলি অসম চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে৷ গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অহা ১৮-১৯ জুলাইত অনুষ্ঠিত হ’বলগীয়া হিন্দু সমাজ তথা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ হিন্দু মহাসভাৰ কাৰ্যসূচীত প্ৰবীণ ভাই টোগাড়ীয়াক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছিল৷
কিন্তু টোগাড়ীয়াক প্ৰশাসনে অসম ভ্ৰমণৰ বাবে অনুমতি প্ৰদান কৰা নাই৷ অসমলৈ আহি সভাত অংশ কৰিবলৈ অসম চৰকাৰে কট্টৰ হিন্দুত্ববাদী নেতাজনক ভ্ৰমণৰ অনুমতি প্ৰদান নকৰাত সোচ্চাৰ হৈ পৰিছে হিন্দু পৰিষদৰ অসম ৰাজ্যিক সমিতি৷ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অসম ৰাজ্যিক সমিতিয়ে আৰএছএছে বাধা দিয়াৰ বাবেই প্ৰবীণ টোগাড়ীয়াক অসমলৈ অহাত বাধা দিয়া বুলি কৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে৷