newsnextone ১১অক্টোবৰ,বাক্সাঃ বাক্সাৰ নাগ্ৰীজুলিৰ বিমলানগৰত চাঞ্চল্য ৷ বিমলানগৰৰ সমীপৰ বাল্টি নদীত উদ্ধাৰ এটা ৰকেট লাঞ্চাৰ৷ নদীত মাছ মাৰি থকা অৱস্থাত কেইজনমান চেমনীয়াৰ জালত উঠি আহিল ৰকেট লাঞ্চাৰটো ৷ ঘটনাস্থলীত নাগ্ৰীজুলি আৰক্ষী উপস্থিত হৈ ৰকেট লাঞ্চাৰটো জব্দকৰে ৷ বাল্টি নদীত উদ্ধাৰ হোৱা এই ৰকেট লান্সাৰতো ২০০৩ চনৰ অলক্লিয়েৰ অপাৰেচনৰ সময়ৰ সেনা নাইবা আলফাৰ বুলি সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে ৷