newsnextone.com | তেজপুৰ/তেজপুৰ টাউনঃ তেতিয়া তেওঁৰ ১৩ বছৰ বয়স আছিল৷ দেশৰ সুপুত্ৰ আছিল তেওঁ৷ মহান সুপুত্ৰই ১৩ বছৰ বয়সতে তেওঁ এটি কবিতা লিখিছিল৷ তেতিয়া আছিল ইংৰাজৰ শাসন কাল৷ সমগ্ৰ দেশে যুঁজি আছিল ইংৰাজৰ বিৰুদ্ধে৷ এই কথা খিনি কৈ অগ্নিযুগৰ ফিৰিঙতি মই, নতুন অসম গঢ়িম…ভঙা ভঙা অসমীয়াৰে কবিতা পাঠ কৰে তেওঁ৷
সেই দিনটো আছিল চলিত বৰ্ষৰে ৩ ফেব্ৰুৱাৰী৷ কবিতা পাঠ কৰা মানুহ গৰাকী আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ অসমৰ চৰকাৰে গুৱাহাটীত অনুষ্ঠিত কৰা বিশ্ব বিনিয়োগকাৰী সন্মিলনত তথা এডভাণ্টেজ অসমত অংশ লৈ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ‘অগ্নিযুগৰ ফিৰিঙতি’ কবিতা আওৰোৱাৰ চেষ্টা কৰিছিল মোডীয়ে৷ ১৩ বছৰ বয়সতে ভূপেন হাজৰিকাই নতুন অসম গঢ়াৰ কথা কৈছিল বুলি কৈ ৰাইজক আকৃষ্ট কৰাৰ চেষ্টা কৰিছিল মোডীয়ে৷