newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতত উচিত প্ৰশিক্ষণ প্ৰদান কৰা নহয়৷ এই অভিযোগ উত্থাপন কৰি চীনত কেইবাগৰাকীও তিব্বতীয় বৌদ্ধ সন্যাসিক নিষিদ্ধ কৰিছে চীনৰ এটি বিভাগে৷ প্ৰশাসনৰ ভয়, এইসকলৰ তিব্বতীয় সন্যাসীয়ে দেশত ধৰ্ম নিৰপেক্ষতাবাদৰ প্ৰচাৰ কৰিব পাৰে৷ চীনৰ এক চৰকাৰী মাধ্যমৰ বিবৃতিত এই কথা প্ৰকাশ কৰা হয়৷
গ্লোৱেল টাইমছত প্ৰকাশিত এক বাতৰিত চীনৰ এগৰাকী প্ৰশাসনিক বিষয়াই কয়, ‘ভাৰতত যিসকলৰ তিব্বতীয় সন্যাসীৰ ভুল প্ৰশিক্ষণ লাভ কৰিছে, সেইসকলে দক্ষিণ পশ্চিম চীনৰ চিশুয়ান প্ৰদেশৰ লিটাং বিভাগৰ বাসিন্দাসকলক বৌদ্ধ ধৰ্মৰ পাঠদান কৰিব নোৱাৰিব৷’