newsnextone.com | আমগুৰিঃ বিজেপি দলে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ ৬ জনগোষ্ঠীয়ে সোমবাৰে পুৱাৰে অসম বন্ধৰ আহ্বান জনাইছে। ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ বিৰুদ্ধে আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ সমগ্ৰ ৰাজ্যৰে ঠায়ে ঠায়ে পৰা পৰিলক্ষিত হৈছে।

অসম বন্ধ কাৰ্যসূচীৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে শিৱসাগৰ জিলাতো পৰা পৰিলক্ষিত হয়। বন্ধ সমৰ্থনকাৰীয়ে পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন ঠাইত ব্যৱসায় প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, যান-বাহনৰ চলাচল কৰা বন্ধ থকা দেখা যায়।

উল্লেখ্যযে, যোৱা প্ৰায় দুটা দশক ৰাজ্যৰ ভূমিপুত্ৰ জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে৷ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলা আৰু আন্তৰিকতাহীন মনোভাৱৰ বাবে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ সময় বাৰে বাৰে উকলি যোৱা বুলি গুৰুতৰ অভিযোগ কৰি আহিছে জনগোষ্ঠীকেইটাই৷  

শিৱসাগৰ জিলাৰ আমগুৰিতো বন্ধৰ সবাৰ্ত্মক প্ৰভাৱ পৰে। যান-বাহন, ব্যৱসায়ীক প্ৰতিস্থানৰ লগতে বন্ধ আমগুৰিৰ ৯ খনকৈ চাহ বাগিচাৰ কাম-কাজ বন্ধ ৰাখে। আহোম, চুতীয়া, মৰাণ মটক, কোচ ৰাজবংশী  আৰু চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবীত পুৱাৰ প্ৰতিকূল বতৰকো নেওচি বন্ধৰ সমৰ্থক সকল ৰাজপথলৈ ওলাই আহি পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। 

পুৱাৰ ভাগত আমগুৰি নগৰৰ লগতে গৌৰীসাগৰ, জাঁজী, হালোৱাটিং অঞ্চলত ব্যৱসায়ীক প্ৰতিস্থানসমূহ বন্ধ থকাৰ লগতে ৩৭নং আৰু ৬১নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ধোদৰ আলিত যানবাহনৰ চলাচল সেৰেঙা দেখা যায়। লক্ষ্যণীয়ভাৱে বন্ধৰ সমৰ্থনত আমগুৰিৰ টিফূক, বৰবাম, হালোৱাটিং, বৰুৱা চাহ বাগিছা, আমগুৰি, বৰচিলা, বাঘজান, দেওপানীকে ধৰি ৯ খন চাহ বাগিচাৰ কাম-কাজ বন্ধ থাকে।