ডিমাকুছি/টংলা/কোকৰাঝাৰ/ওৰাং/ওদালগুৰি/চিৰাং/গোৰেশ্বৰঃ আজিও উত্তাল হৈ আছে বিটিএডি প্ৰতিটো প্ৰান্ত৷ হাগ্ৰামা নেতৃত্বাধীন বিটিচি কৰ্তৃপক্ষই ভূমি সন্দৰ্ভত লোৱা এটা প্ৰস্তাৱৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিটিএডিৰ অবড়ো ৰাইজ৷
জাঙুৰ খাই উঠিছে জাতীয়-জনগোষ্ঠীয় সংগঠন৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ কৰি, সমদল উলিয়াই ৰাজ পথ উত্তাল কৰি ৰাখিছে৷ ভূমিৰ অধিকাৰ খৰ্ব কৰি বিটিএডিৰ কেইবাটাও জনগোষ্ঠীক নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰি কেইবাটাও দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷