Home ৰাজ্য১২ মাৰ্চৰ অসম বন্ধ প্ৰত্যাহাৰ, কোনো সংগঠনৰ বন্ধ পালন নকৰে কোকৰাঝাৰৰ ব্যৱসায়ীয়ে

১২ মাৰ্চৰ অসম বন্ধ প্ৰত্যাহাৰ, কোনো সংগঠনৰ বন্ধ পালন নকৰে কোকৰাঝাৰৰ ব্যৱসায়ীয়ে

by News Desk
96 views
A+A-
Reset

কোকৰাঝাৰঃ বিটিএডিৰ বিতৰ্কিত ভূমি নীতিকলৈ কেইবাটাও দল সংগঠনে প্ৰতিবাদ কৰাৰ সময়ত অসম আৰক্ষীয়ে জধে মধে একাংশ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷ গ্ৰেপ্তাৰ কৰা নিৰ্দোষী লোসকলক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত আক্ৰাছুকে ধৰি পাঁচটাকৈ সংগঠনৰ সন্মিলিত সংযুক্ত সংগঠন সমন্বয়ক সমিতিয়ে সোমবাৰে তথা ১২ মাৰ্চৰ পুৱাৰে পৰা আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধ প্ৰত্যাহাৰ কৰে৷

সংগঠনৰ সন্মিলিত সংযুক্ত সংগঠন সমন্বয়কৰ মুখ্য আহ্বায়ক হিতেশ্বৰ বৰ্মনে সংবাদ মাধ্যমক এই কথা জানিবলৈ দি কয় যে, বিটিএডিৰ আৰক্ষী মহাপৰিৰ্দশক অনুৰাগ আগৰৱালাৰ সৈতে সংযুক্ত সংগঠন সমন্বয়ক সমিতিয়ে দেওবাৰে এক বৈঠকত মিলিত হয়৷ আইজিপিগৰাকীয়ে সংগঠনসমূহৰ দাবী সমূহ সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে দল-সংগঠনৰ বিৰুদ্ধে হাৰাশাস্তি বন্ধ কৰা আৰু আটকাধীন লোকসকলক বিনাচৰ্তে মোকলাই দিয়াৰ প্ৰতিশ্ৰতিত আশ্বস্ত হৈয়ে ১২ মাৰ্চত আহ্বান দিয়া ১২ ঘন্টীয়া অসম বন্ধ প্ৰত্যাহাৰ কৰা বুলি সদৰী কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0