64
নগাঁও/আমগুৰিঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ দৌল মন্দিৰ পথত পথ দুৰ্ঘটনাত সংঘটিত হৈ দুজন লোক গুৰুতৰ ভাবে আহত হয়। দৌল মন্দিৰ চাৰিআলিত এএছ-০২ এ-৮১৮৮ নম্বৰৰ মাৰুতি চুজুকিৰ সৈতে বিপৰীত দিশৰ পৰা অহা নম্বৰ প্লেট বিহীন এখন গ্লেমাৰ মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ লাগে৷
লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত গুৰুতৰভাবে আহত বাইক আৰোহীক স্থানীয় বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰে।