গোগামুখঃ যুৱ কংগ্ৰেছে আজি আহ্বান জনোৱা ১২ ঘন্টীয়া ধেমাজি আৰু লখিমপুৰ জিলা বন্ধৰ প্ৰভাৱ গোগামুখ চহৰতো পৰা দেখা গৈছে। বৰ্তমান পয্যন্ত ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সকলো চৰকাৰী-বেচৰকাৰী যান বাহন, চৰকাৰী-বেচৰকাৰী স্কুল, প্ৰতিস্থান আদি সম্পূৰ্ণভাৱে বন্ধ আছে।
আনহাতে বৰদলনি ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন চেতিয়া, ব্লক কংগ্ৰেছৰ সদস্য চন্দন দাস, বৰদলনি ব্লক যুব কংগ্ৰেছৰ সম্পাদক পঙ্কজ দত্ত আৰু বৰদলনি ব্লক যুব কংগ্ৰেছৰ সভাপতি পঙ্কজ সন্দিকৈক আটক কৰে আৰক্ষীয়ে।