newsnextone.com | ডিজিটেল ডেস্কঃ এনআৰচিৰ খচৰা প্ৰকাশৰ পিছতে বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। তৃণমূল কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে সদনৰ বাহিৰে-ভিতৰে। তৃণমূলৰ সাংসদে সদন উত্তাল কৰাৰ তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে পুনৰ এনআৰচিৰ খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে।

সোমবাৰে এনআৰচিৰ সম্পূৰ্ণ খচৰা অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে। ৪০ লাখ লোকে বাদ পৰা খবৰ প্ৰচাৰ হোৱাৰ পিছতে দেশত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। লগে লগে দেশৰ বিজেপি বিৰোধী দলে ভোটৰ ৰাজনীতি আৰম্ভ কৰিছে। দেশৰ প্ৰায় কেইটা বিৰোধী দলে দুয়ো সদন উত্তাল কৰাৰ লগতে সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। 

তাৰ পিছতে মঙলবাৰে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাংলাদেশৰ তথ্য সম্প্ৰচাৰ মন্ত্ৰী হাচান উল হকে কয় যে ভাৰত চৰকাৰে বাংলাদেশক এতিয়ালৈ এনেধৰণৰ কোনো কথা অৱগত কৰা নায়। যাৰ বাবে এই সন্দৰ্ভত অধিক মন্তব্য দিয়া উচিত নহ'ব।

নিউজ-১৮ নামৰ নিউজ চেনেলক দিয়া সাক্ষাতত এয়া ভাৰতৰ আভ্যন্তৰিণ বিষয় বুলি কয় বাংলাদেশৰ মন্ত্ৰীগৰাকীয়ে। এই বিষয়ত বাংলাদেশৰ কোনো সম্পৰ্ক নাই আৰু এই ৪০ লাখ মানুহ আমাৰ নহয়। এয়া অসমৰ চুবুৰীয়া ৰাজ্যৰ মানুহ। এই বিষয়ত বাংলাদেশ জৰিত হোৱাৰ কোনো কথাই নায়।

স্বাধীনতাৰ পিছত দুয়োদেশৰ সহমতত ভাৰতত শৰণাৰ্থী হিচাপে থকা বাংলাদেশৰ লোকক পুনৰ আনি সংস্থাপন কৰা হৈছে। ইয়াৰ পিছত ভাৰতত বাংলাদেশৰ কোনো শৰণাৰ্থী নায়। বৰ্তমান বাংলাদেশৰ অৰ্থনৈতিক অৱস্থা ভাল যাৰ বাবে কোনো বাংলাদেশী ভাৰতলৈ যাবৰ বাবে প্ৰয়োজন নহয়। যদি সেই সকল লোক আমাৰ হলহেতেন তেন্তে ভাৰত চৰকাৰে আমাৰ সৈতে কথা পাতিলেহেতেন। ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আমাৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাই আৰু সেইসকল লোক বাংলাদেশৰ নহয়।