শুক্লাইঃ সোমবাৰে কাহিলী পুৱাই পথৰ দাতিত এটি অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বাক্সা জিলাৰ গোৰেশ্বৰৰ বাঙালীপাৰাত৷
ৰাজ্যৰ চৌদিশে ভোগালী বিহুৰ আনন্দ উলাহৰ মাজতে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ বাঙালীপাৰাত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত৷ গোৰেশ্বৰ আৰক্ষী থানা এলেকাৰ তথা সুৱাগপুৰ আৰক্ষী চকীৰ পূৱ বাঙালীপাৰত সোমবাৰে পুৱা পথৰ দাতিত মৃতদেহটো পৰি থকা প্ৰত্যক্ষ কৰে একাংশ লোকে৷