Image for representation
Image for representation

ডিজিটেল ডেস্কঃ পাকিস্তানৰ হাতত চেম্পিয়নছ ট্ৰফীত লজ্জাজনক পৰাজয়ৰ গ্লানি সহিব নোৱাৰি ৰেলৰ পৰা জপিয়াই আপোনঘাতী হ’ল এজন ভাৰতীয় সমৰ্থক৷

এই ঘটনা পিছে ভাৰতৰ নহয়৷ ভাৰতৰ পৰাজয়ৰ দুখত নিজকে হত্যা কৰা এই ঘটনা সংঘটিত হৈছে চুবুৰীয়া বাংলাদেশত৷ 

বাংলাদেশৰ এখন আগশাৰীৰ সংবাদপত্ৰত প্ৰকাশিত বাতৰি মতে, ভাৰতীয় দলৰ অন্ধ ভক্তজনে ৰেলত খাদ্য বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল৷

দেওবাৰে ৰেলত উঠি খাদ্য বিক্ৰী কৰিবলৈ এৰি মোবাইলত ইণ্টাৰনেটযোগে মেচখন উপভোগত ব্যস্ত হৈ পৰিছিল বিদ্যুৎ নামৰ ২৫ বৰ্ষীয় যুৱকজন৷

যেতিয়াই ভাৰতৰ প্ৰায়কেইজন বেটছমেন পেভিলিয়নমুখী হৈছিল তেতিয়া কান্দি উঠিছিল বুলি জানিবলৈ দিছে প্ৰত্যক্ষদৰ্শীসকলে৷ ৰবীন্দ্ৰ জাডেজা আৰু হাৰ্দিক পাণ্ডে আউট হোৱাৰ পিছত চকুলো মচি ৰেলৰ দুৱাৰৰ ওচৰলৈ আহিছিল বিদ্যুৎ৷

শেষত যেতিয়া ভাৰতে অল-আউট হৈ পৰাজয়বৰণ কৰিছিল লগে লগে চলন্ত ৰেলখনৰ পৰা জাপ দিছিল যুৱকজনে৷

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰেলখনত খাদ্য বিক্ৰী কৰা তেওঁৰ কেবাজনো সংগীক সোধ-পোছ কৰাত সকলোৱে ভাৰত পৰাস্ত হোৱা বাবেই আপোনঘাতী হোৱা বুলি মন্তব্য কৰিছে৷

এদিন পূৰ্বে কেবাজনো বন্ধু আৰু চুুবুৰীয়াৰ সৈতে ভাৰত চেম্পিয়ন হ’বই বুলি বাজি ধৰাৰ কথাও অনুসন্ধাত জানিব পাৰিছে আৰক্ষীয়ে৷