ডিজিটেল ডেস্কঃ বন্ধ হৈ যাব পাৰে আপোনাৰ বেংক একাউন্ট৷ আপোনাৰ অনুমতি অবিহনেই বেংকে বন্ধ কৰিব আপোনাৰ একাউন্ট৷ আয়কৰ বিভাগে জনাইছে এই তথ্য৷

যদিহে গ্ৰাহকসকলে একাউন্টত নিজৰ প্ৰমাণ পত্ৰ নিদিয়ে তেন্তে এই ব্যৱস্থা গ্ৰহণ কৰিব বেংকসমূহে৷ চলিত বৰ্ষৰ ৩০ এপ্ৰিলৰ ভিতৰত গ্ৰাহকে জমা দিব লাগিব উক্ত তথ্য৷

মুলত ১ জুলাই ২০১৪ৰ পৰা ৩১ আগষ্ট ২০১৫ৰ ভিতৰত একাউন্ট খোলা গ্ৰাহকৰ বাবে কাৰ্যকৰী হ’ব এই নতুন নিয়ম৷ ফ’ৰেইন একাউন্ট টেক্স কমপ্লেইনছ অধিনিয়মৰ অধীনত প্ৰযোজ্য হ’ব এই নিয়ম৷

উক্ত একাউন্টসমূহৰ গ্ৰাহকে কোনো ধৰণৰ লেনদেন কৰিব নোৱাৰিব বুলি প্ৰকাশ কৰিছে  দা চেন্ট্ৰেল বৰ্ড অফ ডায়ৰেক্ট টেক্সেছে৷

উল্লেখ্য যে, বিগত কেবামাহো ধৰি বেংকসমূহৰ নিত্য নতুন নিয়মে জ্বলা-কলা খুৱাই আহিছে গ্ৰাহকক৷ এফালে বেংকত খুচুৰা নোটৰ অভাৱ, আনফালে দেশৰ আগশাৰীৰ বেংকসমূহৰ নতুন এটিএমৰ নিয়মৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে সাধাৰণ লোকসকলে।