গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰস্থিত অসম গ্ৰামীন বিকাশ বেংকৰ নাওকাটা শাখাত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ প্ৰাপ্ত তথ্যমতে গোৰেশ্বৰ হাজালপাৰাৰ গাওঁৰ দুলাল বিশ্বাস নামৰ গ্ৰাহকজনে আজি নিজৰ ৭২৯০০১০০০৪৮০৮ নম্বৰৰ একাউণ্টৰ পৰা টকা উলিয়াবলৈ আহে।
তেওঁৰ মতে একাউণ্টত প্ৰায় তিনি হাজাৰ টকা থাকিব লাগে। কিন্তু উইদ্ৰ ফৰ্ম জমা দিয়াত তেওঁক কেচিয়াৰে কয় যে কালি আপুনি (২৫০০ ) দুই হাজাৰ পাচ শ টকা উলিয়াই নিছে। গ্ৰাহকজনৰ আচৰিত হয় কিয়নো তেওঁ কালি কোনো ধন উলিওৱা নাই।