গুৱাহাটীঃ উলুৰ লগত বগৰী পোৰা যোৱাৰ দৰে আন্দোলনকাৰীৰ চুলি খুৰাবলৈ আহি ৰঙাঘৰৰ ভাত খাব লগা হ’ল এগৰাকী থলুৱা নাপিতে৷ কেইটামান টকাৰ আশাত ক্ষুৰখন বেগত ভৰাই হাজোৰ পৰা দিছপুৰ লাষ্টগেটলৈ আহিছিল এগৰাকী নাপিত৷ দিছপুৰ লাষ্টগেটত প্ৰতিবাদকাৰীৰ চুলি খুৰাই আৰক্ষীৰ ৰোষত পৰিল নাপিতগৰাকী।
অসম বিধান সভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পাছৰে পৰা দল-সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে দিছপুৰ লাষ্টগেট৷ শিক্ষক, আশাকৰ্মী, বিভিন্ন জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে৷ অধিৱেশনৰ তৃতীয় দিনা ৰাজ্যৰ টোল শিক্ষকসকলে টোল সমূহ প্ৰাদেশীকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷