গুৱাহাটীঃ উলুৰ লগত বগৰী পোৰা যোৱাৰ দৰে আন্দোলনকাৰীৰ চুলি খুৰাবলৈ আহি ৰঙাঘৰৰ ভাত খাব লগা হ’ল এগৰাকী থলুৱা নাপিতে৷ কেইটামান টকাৰ আশাত ক্ষুৰখন বেগত ভৰাই হাজোৰ পৰা দিছপুৰ লাষ্টগেটলৈ আহিছিল এগৰাকী নাপিত৷ দিছপুৰ লাষ্টগেটত প্ৰতিবাদকাৰীৰ চুলি খুৰাই আৰক্ষীৰ ৰোষত পৰিল নাপিতগৰাকী।

অসম বিধান সভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পাছৰে পৰা দল-সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে দিছপুৰ লাষ্টগেট৷ শিক্ষক, আশাকৰ্মী, বিভিন্ন জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে৷ অধিৱেশনৰ তৃতীয় দিনা ৰাজ্যৰ টোল শিক্ষকসকলে টোল সমূহ প্ৰাদেশীকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷

বছৰ বছৰ ধৰি সংস্কৃত টোলসমূহ প্ৰাদেশীকৰণৰ দাবীত প্ৰতিবাদ কৰি অহা শিক্ষকসকলে আজি ক্ষোভিত হৈ মুৰৰ চুলি খুৰাই প্ৰতিবাদ কৰে৷ সদৌ অসম সংস্কৃত টোল পৰিষদ আৰু সদৌ অসম স্বীকৃতিপ্ৰাপ্ত অপ্ৰাদেশীকৃত সংস্কৃত টোল কৰ্মচাৰী সন্থাই দিছপুৰ লাষ্ট গেটত মুণ্ডন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷

জাতি, মাটি, ভেটি ৰক্ষাৰ প্ৰতিশ্ৰতি দি দিছপুৰ দখল কৰা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে শিক্ষকৰ সমস্যাক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে সংস্কৃত শিক্ষকসকলে৷ আনহাতে ৰাজ্য চৰকাৰৰ শিক্ষক বিৰোধী নীতিৰ বাবে মুণ্ডনৰ দৰে দুখজনক পদক্ষেপ হাতত লৈ প্ৰতিবাদ কৰিব লগা হোৱা বুলি ক্ষোভ উজাৰে শিক্ষকসকলে৷

যোৱা ৪৮ ঘন্টা ধৰি দিছপুৰ লাষ্ট গাটত ভোকে লঘোণে পৰি থকা শিক্ষকৰ খবৰ লবলৈ আহৰি নাই ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ বিয়াগোম প্ৰশাসনৰ৷ আনহাতে সংস্কৃত শিক্ষক ধীৰ্শ চন্দ্ৰ শৰ্মা, হেৰাম্ব শৰ্মা, সনাতন দাস, প্ৰদীপ শৰ্মা, ৰাতুল দাসে মুণ্ডন কৰি আৱেগিক হৈ শীঘ্ৰে টোলসমূহক বিত্তীয় সহায় দিয়াৰ লগতে প্ৰাদেশীকৰণ কৰাৰ দাবী জনায়।

নিজৰ পৰিয়াল চলাব নোৱাৰা হৈছো বুলি কৈ বছৰ বছৰ ধৰি বিনা বেতনে কাম কৰি এসাজ ভাতৰ বাবে হাহকাৰ কৰা বুলি কৈ চকুলো টোকে শিক্ষকসকলে৷ আনহাতে হাজোৰ পৰা মুণ্ডন কৰিবলৈ শিক্ষকসকলে লগত লৈ অহা এগৰাকী নাপিতক দিছপুৰ আৰক্ষীয়ে আটক কৰে৷ ভূপেন বেজবৰুৱা নামৰ থলুৱা নাপিতগৰাকীক মুণ্ডন কৰাৰ অপৰাধতে আটক কৰে।