বিশেষ প্ৰতিবেদনঃ ‘বয়সনো কিমান? মাত্ৰ ১৯ বছৰ। এই বয়সতেই তাই যোৱা দুমাহ ধৰি জেলত থাকিবলগীয়া হৈছে। তাইনো কি ভুল কৰিছিল? এটা মাত্ৰ কবিতাহে লিখিছিল। তাই পঢ়া-শুনাত চোকা ছোৱালী। আমি মাক-বাপেকহালে আনৰ ঘৰত হাজিৰা কৰি কোনোমতে তাইক পঢ়ুৱাই আছো। যদি তাই জেলৰ পৰা ওলাব নোৱাৰে তাইৰ ভৱিষ্যত ধ্বংস হৈ যাব।’-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিবিচিৰ সাংবাদিকৰ আগত এইদৰে কৈ উচুপি উঠিছিল গোলাঘাটৰ এখন কাৰাগাৰত বন্দী হৈ থকা বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ মাতৃ ঊষাই।
দুমাহ পূৰ্বে যোৱা ১৮ মে’ত নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ সমৰ্থনত কবিতা লিখাৰ অভিযোগ উত্থাপন কৰি বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে। এগৰাকী বান্ধৱীৰ ঘৰলৈ যাওতে আৰক্ষীয়ে গোলাঘাটৰ সৰুপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বৰ্ষাশ্ৰীক। যোৰহাটৰ ডিচিবি গাৰ্লছ কলেজৰ স্নাতক দ্বিতীয় বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰী বৰ্ষাশ্ৰীক ইউএপিএৰ ১০ আৰু ১৩ নং ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।