9
বিশেষ প্ৰতিবেদনঃ ভাৰতত এই পৰ্যন্ত ডিজিটেল বা অনলাইন সংবাদ মাধ্যমৰ বাবে নিৰ্দিষ্ট কোনো নিয়ন্ত্ৰক সংস্থা নাই। কিন্তু শেহতীয়াকৈ চৰকাৰে শীঘ্ৰেই ডিজিটেল মিডিয়াক নিয়ন্ত্ৰণৰ বাবে এখন আইন প্ৰণয়ন কৰিবলৈ যো-জা চলাই থকাৰ খবৰে চৰ্চা লাভ কৰিছে।
চৰ্চিত বাতৰি অনুযায়ী এই সন্দৰ্ভত কেন্দ্ৰ চৰকাৰে এখন নতুন বিধেয়ক প্ৰস্তুত কৰিছে। এই বিধেয়কখন সংসদৰ এইবাৰৰ বৰ্ষাকালীন অধিৱেশনত উত্থাপন কৰা হ’ব বুলি গুণা-গঁথা চলিছে।