ভূপালঃ চৌদিশৰ পৰা বিকাশ হোৱা বুলি দাবী কৰা মধ্যপ্ৰদেশত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। শাসকীয় পক্ষৰ মতে ৰাজ্যখনৰ বাট-পথ আমেৰিকাৰ দৰে হৈ পৰিছে, চহৰসমূহ স্মাৰ্ট হৈ পৰিছে আৰু সমগ্ৰ ৰাজ্যতে স্বাস্থ্যসেৱাৰো উন্নতি হৈছে। কিন্তু বাস্তৱত ৰোগীৰ মৃত্যু হ’লে মৃতদেহ ঘৰলৈ নিবলৈকো শৱ কঢ়িওৱা গাড়ীৰ অভাৱ।
এনে এক শেহতীয়া ঘটনা পোহৰলৈ আহিছে ৰাজ্যখনৰ শহদোল চহৰত। দেওবাৰে শহদোল চিকিৎসা মহাবিদ্যালয়ত এগৰাকী মহিলাৰ মৃত্যু ঘটাৰ পিছত চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই শৱদেহ ঘৰলৈ লৈ যাবলৈকো মৃতকৰ পৰিয়ালক এখন শৱদেহ কঢ়িওৱা বাহনৰ ব্যৱস্থা কৰি দিব নোৱৰাৰ অভিযোগ উত্থাপিত হৈছে। ফলত মৃত মহিলাগৰাকীৰ পুত্ৰই কাঠৰ টুকুৰাত বান্ধি শহদোল জিলাৰ পৰা অনুপপুৰ জিলালৈ প্ৰায় ৮০ কিলোমিটাৰ দূৰত্ব মটৰ চাইকেলেৰেই মৃতদেহটো কঢ়িয়াই নিয়ে।