নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা বাস্তৱিকতে সফল হৈছে নে নাই তাক লৈ পুনৰ উত্থাপিত হৈছে প্ৰশ্নৰ। চৰকাৰে সোমবাৰে সংসদত দাখিল কৰা এক তথ্যৰ পিছতে আঁচনিখনক লৈ ইমানদিনে কৰি অহা সাফল্যৰ দাবী সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।

সংসদত দাখিল কৰা তথ্য অনুযায়ী যোৱা ৫ বছৰত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ ৪.১৩ কোটি হিতাধিকাৰীয়ে এবাৰো চিলিণ্ডাৰ ৰিফিল কৰোৱা নাই। আনহাতে ৭.৬৭ কোটি হিতাধিকাৰীয়ে এই ৫ বছৰত মাত্ৰ এবাৰহে চিলিণ্ডাৰ ৰিফিল কৰিছে। 

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই কথা সদৰী কৰে। উচ্চ সদনত বিৰোধী নেতা মল্লিকাৰ্জুন খৰ্গেই কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলে যোৱা ৫ বছৰত কিমানবাৰ চিলিণ্ডাৰ ভৰাইছে সেই সন্দৰ্ভত সবিশেষ তথ্য বিচাৰি লিখিত প্ৰশ্ন কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে জনোৱা মতে, ২০১৭-১৮ বৰ্ষত ০.৪৬ কোটি উজ্জ্বলা যোজনাৰ হিতাধিকাৰীয়ে এবাৰো চিলিণ্ডাৰ ভৰোৱা নাছিল। উক্ত বৰ্ষত চিলিণ্ডাৰ এবাৰৰ বাবে ভৰাইছিল ১.১৯ কোটি হিতাধিকাৰীয়ে।

আনহাতে, ২০১৮-১৯ বৰ্ষত ১.২৪ কোটি, ২০১৯-২০ বৰ্ষত ১.৪১ কোটি, ২০২০-২১ বৰ্ষত ০.১০ কোটি আৰু ২০২১-২২ বৰ্ষত ০.৯২ কোটি হিতাধিকাৰীয়ে এবাৰো চিলিণ্ডাৰ ভৰোৱা নাই।

মন্ত্ৰীগৰাকীয়ে জনোৱা তথ্য মতে, ২০১৮-১৯ বৰ্ষৰ সময়ছোৱাত ২,৯০ কোটি, ২০১৯-২০ বৰ্ষত ১.৮৩ কোটি, ২০২০-২১ বৰ্ষত ০.৬৭ কোটি আৰু ২০২১-২২ বৰ্ষত ১.০৮ কোটি হিতাধিকাৰীয়ে মাত্ৰ এবাৰহে চিলিণ্ডাৰ ভৰাইছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ২০২১-২২ বৰ্ষত ৩০.৫৩ কোটি ঘৰুৱা চিলিণ্ডাৰৰ গ্ৰাহকৰ ভিতৰত ২.১১ কোটি ঘৰুৱা এলপিজি গ্ৰাহকে এবাৰো চিলিণ্ডাৰ ভৰোৱা নাই আৰু ২.৯১ কোটি গ্ৰাহকে মাত্ৰ এবাৰহে চিলিণ্ডাৰ ৰিফিল কৰিছে।

চিলিণ্ডাৰৰ ব্যৱহাৰ হ্ৰাস পোৱা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে এলপিজি চিলিণ্ডাৰৰ ব্যৱহাৰ পৰিয়ালৰ আকাৰ, খাদ্যভ্যাস, দামবৃদ্ধি আৰু বৈকল্পিক ইন্ধনৰ উপলব্ধতা আদি অনেক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। চৰকাৰে গ্ৰাহকৰ অসুবিধা নোহোৱাকৈ আৱশ্যাক অনুযায়ী চিলিণ্ডাৰৰ দাম হ্ৰাস-বৃদ্ধি কৰি আহিছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ৰাজসাহায্যযুক্ত গ্ৰাহকসকলৰ বেংক একাউণ্টত সাহায্যৰ ধনৰাশি জমা কৰি থকা হৈছে বুলিও সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, ২০২২ চনৰ ২১ মে’ত উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে ২০২২-২৩ বৰ্ষৰ বাবে ১২ বাৰ চিলিণ্ডাৰ ভৰোৱালৈকে প্ৰতি ১৪.২ কিলোগ্ৰাম চিলিণ্ডাৰৰ বাবে ২০০ টকাকৈ ৰাজসাহায্য ঘোষণা কৰিছে।

উল্লেখ্য যে, ২০১৬ চনৰ মে’ মাহত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দ্বাৰা গ্ৰাম্য আৰু পিছপৰা অঞ্চলৰ খৰি, কয়লা, শুকান গোবৰ আদিৰ দৰে পৰম্পৰাগত ইন্ধনৰ ব্যৱহাৰ কৰা লোকসকলৰ বাবে এলপিজি চিলিণ্ডাৰৰ দৰে স্বচ্ছ ইন্ধনৰ যোগান ধৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ শুভাৰম্ভ কৰা হৈছিল।

পৰম্পৰাগত ইন্ধনৰ ব্যৱহাৰৰ ফলত গ্ৰামাঞ্চলৰ মহিলাসকল বিভিন্ন ৰোগত আক্ৰান্ত হোৱালৈ চাই আৰু পাৰিপাৰ্শ্বিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিখনৰ ৰূপায়ণ কৰিছিল কেন্দ্ৰ চৰকাৰে। কিন্তু আঁচনিখন ৰূপায়ণৰ ৫ বছৰ পিছত চৰকাৰে সদনত প্ৰকাশ কৰা শেহতীয়া তথ্যই এতিয়া সকলোকে ভবাই তুলিছে।