নতুন দিল্লীঃ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতেই অন্য ৰূপত দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। প্ৰায় প্ৰতিটো ভাষণতে টেলিপ্ৰম্পটাৰ ব্যৱহাৰ কৰা প্ৰধানমন্ত্ৰীয়ে সুদীৰ্ঘ সময়ৰ অন্তত পুনৰ হাতত তুলি ল’লে কাগজত লিখা ভাষণ। দেশবাসীক উদ্দেশ্যি দিয়া আজিৰ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে গান্ধীৰ পৰা আৰম্ভ কৰি নেতাজী সুভাষ চন্দ্ৰ বসু আৰু ভগৎ সিঙৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে। ছাভাৰকাৰৰ লগতে নিজৰ ভাষণত কৃতজ্ঞচিত্তে মোদীয়ে আজি স্মৰণ কৰা দেখা গ’ল দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুকো। 

উল্লেখ্য যে এইবাৰৰ সৈতে নৱমবাৰৰ বাবে লালকিল্লাৰ পৰা স্বাধীনতা দিৱসত দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু এইবাৰৰ ভাষণ আৰম্ভণিৰে পৰা আছিল পূৰ্বৰ ৮ বাৰৰ ভাষণৰ তুলনাত সম্পূৰ্ণ পৃথক। প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ প্ৰায় এবছৰ পূৰ্বৰে পৰা টেলিপ্ৰম্পটাৰ ব্যৱহাৰত অভ্যস্ত হৈ পৰা মোদীয়ে আজি টেলিপ্ৰম্পটাৰৰ সলনি গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে যিদৰে কাগজত লিখি অনা ভাষণ পাঠ কৰিছিল ঠিক তেনেদৰে ভাষণ প্ৰদান কৰে।

আজি পুৱাই প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, 'আমাৰ দেশ গান্ধীজী, ভগৎ সিং, ৰাজগুৰু, ৰামপ্ৰসাদ বিছমিল, ৰাণী লক্ষ্মীবাঈ, সুভাষচন্দ্ৰ বসু-সহ প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামীৰ প্ৰতি কৃতজ্ঞ, যিসকলে ব্ৰিটিছ সাম্ৰাজ্যৰ ভিতৰত কঁপনি তুলি দিছিল। স্বাধীন ভাৰতৰ কাৰিকৰসকলৰ মাজত আৰু অসংখ্যজনৰ সৈতে জৱহাৰলাল নেহৰু, ৰামমনোহৰ লোহিয়া আৰু চৰ্দাৰ বল্লভভাই পেটেলকো আজি কৃতজ্ঞচিত্তে স্মৰণ কৰিছো।’

বিকশিত ভাৰতৰ বাবে ২০৪৭লৈকে মোদীৰ ব্লু-প্ৰিণ্ট

ত্ৰিৰংগ পাগুৰি পৰিধান কৰি প্ৰায় ১ ঘণ্টা ২০ মিনিট সময় ধৰি প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৫টাকৈ পণ ল’বলৈ দেশবাসীক আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতক অহা ২৫ বছৰৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰো সংকল্প গ্ৰহণ কৰে। তেওঁ কয়, 'দেশক আগবঢ়াই নিবলৈ আজি আমি ৫টাকৈ বৃহৎ সংকল্প লোৱাৰ সময় আহি পৰিছে। এই সংকল্পৰ প্ৰথমটো হৈছে ভাৰতক প্ৰকৃতাৰ্থত বিকশিত ভাৰত হিচাপে গঢ়ি তোলা। দ্বিতীয়টো পণ হৈছে আমাৰ মনৰ ভিতৰত যদি তিলমানো পৰাধীনতাৰ মনোভাৱ আছে সেয়া কোনো কাৰণতে থাকিবলৈ দিব নালাগিব।’

'তৃতীয়টো পণ হৈছে আমি আমাৰ ঐতিহ্যক লৈ গৰ্ব কৰা উচিত। চতু্‌থটো সংকল্প হৈছে একতা আৰু মিলিজুলি থকা। পঞ্চমটো সংকল্প হৈছে নাগৰিকৰ কৰ্তব্য, ইয়াৰ পৰা প্ৰধানমন্ত্ৰীয়েই হওক বা ৰাষ্ট্ৰপতিয়েই হওক কোনেও বাদ নপৰে।’-অহা ২৫ বছৰলৈকে এই ৫টা সংকল্পৰে দেশবাসীক আগবাঢ়িবলৈ আহ্বান জনাই নিজৰ ভাষণত এইদৰে কয় মোদীয়ে। তেওঁ আৰু কয় যে এই সংকল্পৰে আগবাঢ়িলেহে ভাৰতে যেতিয়া ২০৪৭ চনত স্বাধীনতাৰ এশ বছৰত ভৰি থব তেতিয়া নতুন ভাৰত এখন দেখিবলৈ পাব।

কেৱল ৰাজনীতিতেই সীমাৱদ্ধ নহয় পৰিয়ালবাদ!

আজিৰ ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে একপ্ৰকাৰ প্ৰথমবাৰৰ বাবে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৰ নাম ইতিবাচক ৰূপত উচ্চাৰণ কৰে। অৱশ্যে ভাষণৰ পৰৱৰ্তী অংশত আওপকীয়াকৈ হ’লেও নেহৰু পৰিয়ালক প্ৰধানমন্ত্ৰী মোদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয়। পৰাধীন মানসিকতাৰ পৰা সকলোকে মুক্ত হ’বলৈ আহ্বান জনাই তেওঁ কয়, 'দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ লগতে আমাৰ সমুখত আন এক বৃহৎ প্ৰত্যহ্বান হৈছে পৰিয়ালবাদী ৰাজনীতি।’

'যেতিয়া মই ভাই-ভতিজাবাদৰ কথা কও তেতিয়া মানুহে ভাবে যে মই কেৱল ৰাজনৈতিক ক্ষেত্ৰখনৰ কথাহে কৈছো। এয়া মুঠেই নহয়। দুৰ্ভাগ্যৰ কথা এয়ে যে ৰাজনৈতিক ক্ষেত্ৰখনৰ এই বেয়া লক্ষণটোৱে হিন্দুস্তানৰ প্ৰতিটো সংস্থাতে পৰিয়ালবাদক বিস্তাৰ কৰিছে। পৰিয়ালবাদে আমাৰ দেশৰ বহু সংস্থাক ইতিমধ্যে গ্ৰাস কৰি পেলাইছে আৰু ইয়াৰ ফলত আমাৰ দেশৰ বহু প্ৰতিভাৰ অপমৃত্যু ঘটিছে।'-পৰিয়ালবাদ সন্দৰ্ভত এইদৰে কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।