গুৱাহাটীঃ 'আপোনালোকে যেন ঘৰত কাম কৰিবলৈ অনা ছোৱালীজনীক নিজৰ ছোৱালীৰ দৰে মৰম কৰে। আপোনালোকে যেন ঘৰত কাম কৰিবলৈ লৈ অহা ল’ৰাজনক শিক্ষাৰে আলোকিত কৰে। আপোনালোকে সেই পিতৃ-মাতৃৰ দুৰ্দশা আৰু দৰিদ্ৰতাক সন্মান কৰিব আৰু তেখেতসকলৰ সন্তানটিকো মানৱসম্পদৰূপে গঢ়ি তুলিব।’- স্বাধীনতা দিৱসৰ ভাষণত আজি এইদৰে বনকৰা ল’ৰা-ছোৱালীৰ অধিকাৰক লৈ সৰৱ হৈ পৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। 

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত কৰা হয় ৭৬ সংখ্যক স্বাধীনতা দিৱসত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বনকৰা ল’ৰা-ছোৱালীক লৈ চৰকাৰে কঠোৰ আইন ৰূপায়ণ কৰিব বুলিও ঘোষণা কৰে। আইনত বনকৰা ল’ৰা-ছোৱালীক নিৰ্যাতন কৰা লোকক মৃত্যুদণ্ডৰ দৰে কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। 

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আইন ৰূপায়ণেই শেষ কথা নহয়। আইন সংশোধন কৰাৰ পূৰ্বে বনকৰা ল’ৰা-ছোৱালীক সমান চকুৰে চোৱাৰ এক মানসিকতা গঢ়ি তোলাতো অধিক প্ৰয়োজনীয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। 

সেইখন অসম জ্যোতি-বিষ্ণুৰ কল্পনাৰ অসম নহয়...

আজিৰ ভাষণত চৰকাৰী কাৰ্যালয়ত বিগত সময়ছোৱাত উপঢৌকন লৈ বহুসংখ্যক চৰকাৰী কৰ্মচাৰী ধৰা পৰা বিষয়টোক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা পৰিলক্ষিত হয়। 

'যিখন অসমত চৰকাৰী কৰ্মচাৰীয়ে মানুহক শোষণ কৰে, যিখন অসমত চৰকাৰী কৰ্মচাৰীয়ে প্ৰতিটো কথাতে ধন দাবী কৰে সেইখন অসম জ্যোতিপ্ৰসাদৰ কল্পনাৰ অসম নহয়, সেইখন অসম বিষ্ণুপ্ৰসাদৰ কল্পনাৰ অসম নহয়। সেইখন অসম গোপীনাথ বৰদলৈৰ কল্পনাৰ অসম নহয়। সেইখন অসম বিষ্ণুৰাম মেধিৰ কল্পনাৰ অসম নহয়।’-চৰকাৰী কৰ্মচাৰীসকলক সততা, ন্যায় আৰু সামাজিক সমতাৰ প্ৰতিমূৰ্তি হ’বলৈ আহ্বান জনাই এইদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। 

উল্লেখ্য যে, পুৱাই পতাকা উত্তোলন কৰি দেশৰ বৰ্ণিল ইতিহাসৰ কথাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰে ৰাজ্যবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণ। সনাতন ধৰ্মৰ পৰা আৰম্ভ কৰি উক্ত ভাষণত ঠাই পায় প্ৰাচীন ভাৰতৰ জ্ঞান, শাস্ত্ৰৰ লগতে প্ৰাচীন সভ্যতাৰ কথা।

স্বাধীনতাকামী ভাৰতীয়সকলৰ অসীম ত্যাগৰ বিনিময়ত দেশে স্বাধীনতা লাভ কৰাৰ কথা উল্লেখ কৰি মুখ্যন্ত্ৰীগৰাকীয়ে কয়, 'পথৰুঘাটৰ ৰণ আৰু ৰঙিয়াৰ ৰাইজমেল ইতিহাসৰ পৃষ্ঠাত আজিও জিলিকি আছে।’ ইয়াৰ পাছতে ভাষণত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰৰ আগন্তুক পৰিকল্পনা কি? 

মুখ্যমন্ত্ৰী ড° শৰ্মাই ভাষণত ২০৩৫ চনত অসমখনক সৌৰশক্তিসম্পন্ন ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব বুলি আশ্বাস প্ৰদান কৰি কয়, 'অসমত অনাগত দিনত ৩০০০ মেগাৱাট সৌৰ শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।’ 

ইয়াৰ লগতে কাজিৰঙাত ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ Elevated Corridor নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আগন্তুক দিনত প্ৰধানমন্ত্ৰীৰ আয়ুস্মান ভাৰত আঁচনিত অসমৰ ৫৮ লাখ লোকক সামৰি লোৱা হ'ব বুলিও কয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই। 

'জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাত ৭৫ টাকৈ অমৃত পুখুৰী খনন কৰা হ'ব। জলাশয় সংৰক্ষণৰ বাবে প্ৰস্তুত কৰা হ'ব নতুন আইন।’-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

ৰাজ্যৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ ভাষণত অসমত নতুনকৈ ১৫,০০০ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰাৰ কথা উল্লেখ কৰে। শৈক্ষিক দিশটোৰ উত্তৰণৰ বাবে সময়োপযোগী অসমীয়া আৰু ইংৰাজী ভাষাৰ পাঠ্যপুথি প্ৰণয়নৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নয়নৰ বাবে ৪ কোটি টকাকৈ অনুদান দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ 

আনহাতে একচনীয়া মাটিত বহু যুগ ধৰি বাসকৰা লোকসকলৰ বাবেও আজি বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। আজিৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে একচনীয়া মাটিত দীৰ্ঘসময় ধৰি বাস কৰা লোকসকলৰ মাটি ম্যাদী কৰিবলৈ সিদ্ধান্ত লোৱাৰ কথাও সদৰী কৰে। 

উঠাই ল’ব নেটিজেনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ!

চৰকাৰৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট কৰি যোৱা সময়ছোৱাত বহু যুৱক-যুৱতীৰ বিৰুদ্ধে ৰুজু হৈছিল চৰকাৰী পক্ষৰ গোচৰ৷ এই গোচৰ সমূহ উঠাই লোৱাৰ কথা আজি ভাষণত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখ্য যে বিগত সময়ছোৱাত এনেধৰণৰ একাধিক গোচৰৰ বাবে শলঠেকত পৰিবলগীয়া হৈছিল ৰাজ্য চৰকাৰ। বিশেষকৈ বৰ্ষাশ্ৰী গগৈ, উশ্বু খেলুৱৈ প্ৰণিতা চুতীয়া, অভিনেতা বিৰিঞ্চি বৰাৰ দৰে বহুজনক ফেচবুক পোষ্টৰ আধাৰতেই গ্ৰেপ্তাৰ কৰা হৈছিল।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° শৰ্মাই আজিৰ ভাষণত ফেচবুক, টুইটাৰত বিতৰ্কিত পোষ্ট কৰি গ্ৰেপ্তাৰ হোৱা আৰু চলি থকা গোচৰসমূহ উঠাই লোৱা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰে। আদালতৰ বোজা হ্ৰাস কৰাৰ উদ্দেশ্যে আৰু নিৰপৰাধী লোকে যাতে অনাহকত হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবেই এনে ব্যৱস্থা হাতত লোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। 

'বৰ্তমান অসমত ন্যায়ালয়সমূহ চাৰে চাৰি লাখ গোচৰ আৱদ্ধ হৈ আছে। তাৰ ফলত ধৰ্ষণ-হত্যাৰ দৰে গুৰুতৰ গোচৰসমূহৰ শুনানি হোৱা নাই। সমাজত অপৰাধীসকলে যি শাস্তি পাব লাগে সেই শাস্তি পোৱাত বিলম্ব হৈছে। সেয়ে স্বাধীনতাৰ অমৃত মহোৎসৱ ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ মই ঘোষণা কৰিছো যে ২০২২ চনৰ ১৪ আগষ্টলৈকে যিসকলে সৰু-সৰু গোচৰত, কোনোবাই ফেচবুকত লিখা, কোনোবাই টুইটাৰত লিখা গোচৰসমূহ ন্যায়ালয়ত ওলমি আছে তেনে গোচৰসমূহ আমি আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লৈছো।’-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

অৱশ্যে পৰৱৰ্তী সময়ত ফেচবুকত পোষ্টক লৈ এতিয়াৰ দৰে  জধে-মধে গোচৰ ৰুজু কৰা হব নে নাই সেই সন্দৰ্ভত কোনো কথা আজিৰ ভাষণত স্পষ্টকৈ উল্লেখ কৰা দেখা নগ'ল মুখ্য়মন্ত্ৰীগৰাকীক। কিন্তু আজিৰ এই ঘোষণাৰ পিছত বিষয়টোক লৈ আৰক্ষী-প্ৰশাসন পূৰ্বৰ তুলনাত যথেষ্ট সচেষ্ট হৈ পৰিব বুলি ভিন্নজনে আশা ব্যক্ত কৰিছে।

'আলফা স্বাধীন’ৰ সাৰ্বভৌমত্বৰ দাবী আলোচনাযোগ্য নহয়ঃ মুখ্যমন্ত্ৰী

'আলফা স্বাধীন’ সন্দৰ্ভতো আজিৰ ভাষণত আলোকপাত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আলফা স্বাধীন আৰু চৰকাৰৰ আলোচনাৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'সাৰ্বভৌমত্ব আলোচনাযোগ্য নহয় আৰু আমি এই স্থিতিৰ পৰা কেতিয়াও লৰচৰ নকৰো। বিচ্ছিন্নতাবাদী গোটসমূহক টেবুললৈ আহি আমাৰ সৈতে অসমৰ উন্নয়নৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছো।”

কেৱল সাৰ্বভৌমত্বৰ বিষয়টোৰ বাবেই ওলমি থকা আলফা স্বাধীন আৰু চৰকাৰৰ আলোচনাৰ ক্ষেত্ৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যই আগন্তুক দিনত বিশেষ তাৎপৰ্য বহন কৰিব বুলি ভিন্নজনে আশা ব্যক্ত কৰিছে৷ উল্লেখ্য যে, আলফা স্বাধীনে অসমত স্বাধীনতা দিৱস সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ আহ্বান জনাইছিল। লগতে নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালিম-খাপলাঙৰ ইউং আং ফৈদে অসমকে ধৰি উত্তৰ-পূবৰ পাঁচখন ৰাজ্যক স্বাধীনতা দিৱসত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনাইছিল।