www.newsnextone.com/তামুলপুৰ:  আজি পুৱা বাক্সা জিলাৰ তামুলপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তর্গত ১ নং বগৰীখুটিত উদ্ধাৰ হৈছে এটি বনৰীয়া হাতীৰ মৃতদেহ। স্থানীয় ৰাইজে বনৰীয়া হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি নাগ্ৰীজুলি আৰক্ষী চকী আৰু বন বিভাগৰ লোকক খবৰ দিয়ে। খবৰ পাই নাগ্ৰীজুলি আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়।
  যোৱা ৪ অক্টোবৰৰ ৰাতিপুৱাও ১ নং বগৰীখুটিত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল। হাতী মানুহৰ সংঘাতত বিধ্বস্ত হৈ পৰিছে বৃহত্তৰ নাগ্ৰীজুলি অঞ্চল। এইটো বছৰত তামুলপুৰ মহকুমাত ৫ টাকৈ বন্য হাতীৰ মৃত্যু হোৱাৰ উপৰিও একাধিক লোক বন্যহাতীৰ আক্ৰমণত নিহত  হৈছে।