www.newsnextone.com| নলবাৰী: নলবাৰী ৰাজ্যখনত কংগ্ৰেছ দলে পূৰ্বৰ স্হিতি পুনৰ ঘুৰাই অনাৰ বাবে দলটোৰ শীৰ্ষ নেতৃবৰ্গই সমগ্ৰ অসমৰ লগতে নলবাৰী জিলাতো বিশেষ তত্পৰতা বহন কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে জিলা খনৰ বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ কৰ্মী সকলৰ সতে সহজে সম্পৰ্ক ৰক্ষাৰ বাবে দুগৰাকী ব্লক সমন্বয়ক নিযুক্তি দিছে৷ কংগ্ৰেছৰ শক্তি অভিযানৰ সমন্বয়ক হিচাপে প্ৰদীপ সাউদক আৰু লোক সম্পৰ্ক অভিযানৰ বাবে মমতাজ আহমেদক সমন্বয়ক হিছাপে ৰাজ্যিক কমিটীয়ে নিযুক্তি দিছে বুলি বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ সভাপতি ভূবনেশ্বৰ কলিতাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে ৷
আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch।