বটদ্ৰৱাঃ নগাঁও জিলাৰ ৮৪নং বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিটা জিলা পৰিষদ সমষ্টি ক্ৰমে বটদ্ৰৱা, চাবুকধৰা, হাটিচোং আৰু চাবুকধৰা জিলা পৰিষদৰ ভোট গণনা সম্পন্ন হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি বটদ্ৰৱাত অপত্যাশিতভাৱে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আচমিনা খাতুনে ৭৬৩টা ভোটত কংগ্ৰেছৰ ছাবিনা ইয়াচমিনক পৰাস্ত কৰে৷ চাবুকধৰা জিলা পৰিষদত কংগ্ৰেছ দলৰ মনিষা বৰদলৈয়ে বি জে পিৰ প্ৰাৰ্থীক পৰাস্ত কৰে৷ ইপিনে হাটিচোং জিলা পৰিষদত বি জে পি প্ৰাৰ্থী সীমাৰেখা ভড়ালীয়ে অ গ প দলৰ প্ৰাৰ্থী অৱন্তী দেৱীক ৪০৯১টা ভোটত পৰাস্ত কৰি বিজয়ী হয়৷
আনহাতে টুকটুকী জিলা পৰিষদ সমষ্টিত ভোট গণনাৰ অন্তত এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী আমিনুল হক ফকিৰক পৰাস্ত কৰে৷