ডিজিটেল ডেস্কঃ তেতিয়া নিশা ১০ বাজিছিল। BBCৰ দিনটোৰ খবৰ লৈ সোমবাৰে নিশা ষ্টুডিঅ’ত হাজিৰ হৈছিল ছ’ফি ৰৱৰ্থ। ছ’ফিৰ বাতৰিৰ লগতে কেমেৰাত ধৰা পৰে আৰু এটি ভিডিঅ’। তাৰ পিছতে সমগ্ৰ বিশ্বতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে BBCৰ ‘নিউজ এট টেন’ৰ ভিডিঅ’। উক্ত ভিডিঅ’ অতি কমেও ৪০ লাখ লোকে প্ৰত্যক্ষ কৰে।
সেই সময়ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়ৰ খবৰ দেখুওৱা হৈছিল। কিন্তু ছ’ফি ৰৱৰ্থৰ বাতৰিৰ উপৰিও BBCৰ পৰ্দাত দেখা গ’ল লাইভ পৰ্ণ’গ্ৰাফী। ছ’ফিৰ পিছফালে প্ৰডাকশ্যন কণ্ট্ৰ’ল ৰুমত বহি কোনো এজন কৰ্মীয়ে উপভোগ কৰিছিল নীলা ছবি। আৰু সেয়াই দৰ্শকসকলে টিভিৰ পৰ্দাত দেখিবলৈ পায়।