বাহাকাবাৰীঃ নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্যতম পঞ্চায়ত চাপৰমুখ । ৰাইজে অভিযোগ কৰা অনুসৰি কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই এই পঞ্চায়তত কেৱল লুণ্ঠনৰাজহে চলি আছে । চাপৰমুখ পাব্লিক পট্টি ৫ নং ৱাৰ্ড আৰু ৬ নং ৱাৰ্ডত অ গ প চৰকাৰৰ দিনতেই নিৰ্মিত নলা আজিও নিৰ্মাণ সম্পূৰ্ণ নহ’ল ।
পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতেই হৰলুকি হ’ল বিপুল পৰিমাণৰ ধন । অৰ্দ্ধ নিৰ্মিত অৱস্থাতে আছে নলা । ঢাকনি নোহোৱা নলাত পৰি মৃত্যুমুখত পৰিছে অনেক পশুধন । আনকি কেইবাজনো লোক নলাত পৰি চিৰদিনৰ বাবে ঘূণীয়া হৈছে । নিৰ্মাণ নহ’ল নলাৰ কাষৰ ৰাস্তা । বাৰিষা একাঠু পানীৰ তলত বুৰ গৈ থাকে চাপৰমুখ পাব্লিক পট্টিৰ বাট-পথ।