ডিজিটেল ডেস্কঃ আফ্ৰিকাৰ ভিতৰুৱা গাঁৱত জন্ম হ’ল ‘নৰভেড়া’ৰ। দক্ষিণ আফ্ৰিকাৰ পূৱ প্ৰান্তৰ এখন প্ৰদেশত জন্ম হোৱা ভেড়া পোৱালিৰ অদ্ভূত অবয়ৱৰ কাৰণ উদঘাটন কৰিব পৰা নাই বিজ্ঞানীয়ে। 

নানা বৈজ্ঞানিক বিশ্লেষণো অসাৰ হৈছে অৰ্ধ জন্তু-অৰ্ধ মানৱৰ বিষয়ত। জন্মৰ কিছুসময়ৰ পিছতে মৃত্যু ঘটা ভেড়া পোৱালিটোৰ শৰীৰৰ ঊৰ্ধ্বাংশৰ অৱয়ব আছিল সাইলাখ মানুহৰ দৰে।

কিন্তু চাৰিটাকৈ ঠেঙৰ সৈতে পোৱালিটোৰ গঠন ভেড়াৰ আকৃতিৰ। স্বাভাৱিকতে কিম্ভূত-কিমাকাৰ জন্তুটোক লৈ চৰ্চাৰ অন্ত নোহোৱা হৈছে আফ্ৰিকাৰ গ্ৰামাঞ্চলত। গঞাই ডাইনী বুলি অভিহিত কৰিছে মাতৃ ভেড়াজনীক।

বহুতে প্ৰথম অৱস্থাত ফটোখন 'hoax photo' বুলিও মন্তব্য কৰিছিল যদিও পিছত এয়া সত্য ঘটনা বুলি স্পষ্ট কৰি দিয়ে দেশখনৰ পশু সেৱা বিভাগৰ শীৰ্ষ বিষয়া ডঃ এম ৱেবিয়ে। 

'এয়া hoax photo নহয় বুলি আমি নিশ্চিত হৈছো। আমাৰ গৱেষক দলে ইতিমধ্যে ইয়াৰ বিশ্লেষণ আৰম্ভ কৰিছে। এই বিশ্লেষণে পৰৱৰ্তী সময়ক পশু চিকিত্সা বিজ্ঞানক আগুৱাই নিয়াত সহায়ক হ'ব বুলি আমি আশাবাদী।'-এইদৰে কয় বিষয়াগৰাকীয়ে।

বৰ্তমান পশু সেৱা বিভাগৰ বিশেষজ্ঞৰ দলটোৱে গঞা ৰাইজক এয়া যে কোনো ডাইনীকাণ্ড নহয় সেই সম্পৰ্কে বুজাবলৈ চেষ্টা অব্যাহত ৰাখিছে। বিজ্ঞানীৰ দলটোৰ বুজনিত গাঁওবাসীৰ বহুতৰে অন্ধবিশ্বাস দূৰ হৈছে বুলি জানিব পৰা গৈছে।

উত্সঃ এই বাতৰিটো বিশ্বৰ আগশাৰীৰ সংবাদপত্ৰ 'The Sun', 'Daily Mail' আৰু 'Deccan Chronicle'ৰ পৰা লোৱা হৈছে।