ডিজিটেল ডেস্কঃ চহৰৰ যোগাযোগৰ ক্ষেত্ৰখন সুবিধাজনক কৰি তোলা অ’লা-উবেৰত উঠোতে সাৱধান হওক। কিয়নো তামোল এখনৰ বাট বুলোতেই অ’লা-উবেৰে আপোনাৰ পৰা ল’ব পাৰে হাজাৰ টকা। এনেই এক ঘটনা ঘটিছে বেংগালুৰুত৷

মাত্ৰ ৬ কি.মি. পথত যাত্ৰীয়ে ভৰিব লগা হ’ল ৫,৩৫২ টকা৷ এই বৃহত অংকৰ বিল দেখি চকু কঁপালত উঠিল যাত্ৰীৰ৷ এই বৃহৎ বিলৰ বিষয়ে যাত্ৰীজনে চালকক সোধাত চালকে কয় যে উক্ত যাত্ৰাত কেৱল ১০৩ টকাহে বিল হৈছিল যাত্ৰীজনৰ৷ বাকী অংশ তেওঁৰ আগৰ বিল বুলি প্ৰকাশ কৰে চালকে৷

যাত্ৰীজনে ১০৩ টকাৰ বাহিৰে বাকী অংশ বিল দিবলৈ নাকচ কৰাত আৰক্ষীক খবৰ দিয়ে চালকে৷ অৱশেষত আৰক্ষীৰ মধ্যস্থতাত কিছু সময়ৰ পিছতেই উবেৰে কাৰিকৰী বিজুতিৰ বাবে এনে হোৱা বুলি প্ৰকাশ কৰে৷