105
অভয়াপুৰীঃ বৰমৌৰ কামোৰত এগৰাকী যুৱতীৰ মৃত্যু ঘটা বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁও জিলাত। জিলাখনৰ অভয়াপুৰীৰ সমীপৱৰ্ত্তী উত্তৰ শালমাৰাৰ মালিপাৰাত সংঘটিত হয় এই ঘটনা।
প্ৰাপ্ত বাতৰি মতে কালি পুৱা প্ৰায় ১১-০০মান বজাত ঘৰৰ কাষৰ আমগছ এডালত বাহ লৈ থকা এজাক বৰমৌৱে অঞ্চলটোৰ মহন্ত ৰায়ৰ ২৬ বৰ্ষীয় কন্যা শুকুনি ৰায়ক আক্ৰমণ কৰে। সেই সময়ত ঘৰুৱা কাম-কাজত ব্যস্ত হৈ আছিল শুকুনি।