ডিজিটেল ডেস্কঃ  বৰ্তমান সময়ত ইন্টাৰনেট ব্যবহাৰকাৰীৰ সংখ্যা ইমানেই বাঢ়ি গৈছে যে প্ৰায় ভাগেই জনপ্ৰিয় হবলৈ ব্যৱহাৰ কৰে ইন্টাৰনেট তথা ছচিয়েল মিডিয়াক৷ অকল সাধাৰণ মানুহেই নহয় বোলছবি জগতৰ অভিনেতা-অভিনেত্ৰীসকলেও জনপ্ৰিয়তাৰ উচ্চ শিখৰ লাভ কৰিবলৈ নৱাগত সকলে আত্মপ্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰে ছচিয়েল মিডিয়াক৷

অনুৰাগী সকলক আকৰ্ষণৰ বাবে অভিনেতা-অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত নিত্য নতুন ৰূপত নিজকে প্ৰকাশ কৰি আহিছে৷ তাৰে কিছুমানে সফল হোৱাৰ বিপৰীতে আন কিছুমানে বিফলো হৈছে৷ চলিত সপ্তাহত দীপিকা পাদুকনৰ পৰা অনুস্কা শৰ্মালৈ, মালাইকা আৰোৰাৰ পৰা শিল্পা চেট্টীলৈ সকলোৱে নিজকে নতুন নতুন আকৰ্ষণীয় ৰূপত উঠা ফটো ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছে৷

তাৰ ভিতৰত সামান্য ভাৰতীয় পৰম্পৰা নিহিত হৈ থকা কাপোৰেৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে আলীয়া ভাট আৰু কৰীণা কাপুৰ৷ শ্ৰেষ্ঠ কাপোৰেৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা সেই সকল অভিনেত্ৰীৰ ভিতৰত তালিকা ভুক্ত অভিনেত্ৰী সকল তলত উল্লেখ কৰা হ’ল৷ 

সকলো সময়তে পৰিধান কৰিব পৰা আৰামদায়ক কাপোৰেৰে শিৰ্ষত শিল্পা চেট্টী৷ আশিচ এন যোশীয়ে ডিজাইন কৰা এখন হাতৰ কলা-বগা ৰঙৰ কোট-পেন্টৰ সৈতে সাইলাখ কোনো কাৰ্যালয়ৰ বিষয়া হৈ পৰিছিল শিল্পা৷

আনহাতে কৰীণা কাপুৰে কিছুদিন পূৰ্বে ডিজাইনাৰ সন্দিপ খোচলাই ডিজাইন কৰা কাপোৰ পৰিধান কৰি কৰা ফটোশ্বুট কৰাত কৰীণা অনুৰাগী সকলো আচৰিত হৈছিল৷ ক্ৰিম ৰঙৰ গাউনটোৱে কৰীণাক একেবাৰে পৰী বনাই দিছিল৷ কৰীণাই ‘য়ে মেৰা দিল’ গীতটোৰ শ্বুটিঙত সেই ড্ৰেছজোৰ পিন্ধিছিল৷

বৰ্তমানে চৰ্চাৰ শিৰ্ষত থকা ক্ৰিকেট-বলিউড যুগল মোহময়ী অনুস্কা শৰ্মা আৰু বিৰাট কোহলীকো অন্য এক স্থানত দেখা যায় আকৰ্ষণীয় ৰূপত৷ সেই সময়ত অনুস্কাই পিন্ধিছিল নিখিল থাম্পীয়ে ডিজাইন কৰা ৰঙা ৰঙৰ পেন্ট আৰু কোট।

বৰ্তমানে যুৱতী সকলে সদায় লেহেংগাৰ সৈতে ক্ৰপ টপ পচন্দ কৰ, কিন্তু ক্ৰপ জেকেটৰ লগত লেহেংগা? পিছে ডিজাইনাৰ আবু জানি সন্দিপ খোচলাই এই অদ্ভুতকো সুন্দৰ আকাৰে প্ৰকাশ কৰিছে আলিয়াৰ কাৰণে। আলীয়া ভাট্টে চিকানকাৰী লেহেংগাৰ লগত পৰিধাণ কৰিছিল ক্ৰপ্ত জেকেট৷

অভিনেত্ৰী  দীপিকা পাদুকণৰ অতি পচন্দৰ গোলাপী আৰু ৰঙা ৰংৰ লগত সাঁচ খুৱাই পৰিধাণ কৰা পোচাকো আছিল অতি মনোমোহা। অভিনেত্ৰী গৰাকীয়ে পদ্মাৱতী প্ৰমোচনৰ সময়ত প্ৰৱাল গুৰুঙৰ দ্বাৰা ডিজাইন কৰা গোলাপী ৰঙৰ কাপোৰৰ লগতে পৰিধাণ কৰিছল মাৰুট বেল্ট যিটোৱে অনুৰাগীক যথেষ্ট আকৰ্ষণ কৰিছিল।

অভিনেত্ৰী শ্ৰাদ্ধা কাপুৰে সৰু লৰা-ছোৱালীৰ বাবে থকা এন.জি.অ. এটা পৰিদৰ্শন কৰাৰ সময়ত পৰিধান কৰা হালধীয়া গাউনটোৰে বেছ আকৰ্ষিত হৈ পৰিছিল৷ ড্ৰেছজোৰ ডিজাইন কৰিছিল অনিতা ডংৰীয়ে৷

এইদৰে বিভিন্ন ধৰণৰ চেলিব্ৰেটিৰ ফটোশ্বুটৰ সমাহাৰে এই সপ্তাহৰ পাৱাৰ ড্ৰেছিং ইভেনটোক অতি আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলে৷