ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত ইন্টাৰনেট ব্যবহাৰকাৰীৰ সংখ্যা ইমানেই বাঢ়ি গৈছে যে প্ৰায় ভাগেই জনপ্ৰিয় হবলৈ ব্যৱহাৰ কৰে ইন্টাৰনেট তথা ছচিয়েল মিডিয়াক৷ অকল সাধাৰণ মানুহেই নহয় বোলছবি জগতৰ অভিনেতা-অভিনেত্ৰীসকলেও জনপ্ৰিয়তাৰ উচ্চ শিখৰ লাভ কৰিবলৈ নৱাগত সকলে আত্মপ্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰে ছচিয়েল মিডিয়াক৷
অনুৰাগী সকলক আকৰ্ষণৰ বাবে অভিনেতা-অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত নিত্য নতুন ৰূপত নিজকে প্ৰকাশ কৰি আহিছে৷ তাৰে কিছুমানে সফল হোৱাৰ বিপৰীতে আন কিছুমানে বিফলো হৈছে৷ চলিত সপ্তাহত দীপিকা পাদুকনৰ পৰা অনুস্কা শৰ্মালৈ, মালাইকা আৰোৰাৰ পৰা শিল্পা চেট্টীলৈ সকলোৱে নিজকে নতুন নতুন আকৰ্ষণীয় ৰূপত উঠা ফটো ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছে৷