গোৰেশ্বৰঃ অগ্নিকাণ্ডত জাহ যোৱা বাগছা জিলাৰ গোৰেশ্বৰৰ বেতনা হাইস্কুলৰ বিদ্যালয় গৃহ পুনৰ নিৰ্মাণৰ দায়িত্ব লৈছে বিটিচি প্ৰশাসনে। যোৱা ১৪ মাৰ্চত বিধ্বংসী অগ্নিকাণ্ডই ধ্বংসস্তুপত পৰিণত কৰা বিদ্যালয়খনৰ আজি গৃহ পুনৰ নিৰ্মাণৰ শিলান্যাস কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।
এই উপলক্ষে লক্ষেশ্বৰ নাথৰ সঞ্চলনাত বিদ্যালয় প্ৰাংগণত এখন সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য বাখ্যা কৰি গোৰেশ্বৰ সমষ্টিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে কয় যে বেতনা হাইস্কুল খনি জ্বলি যোৱাৰ পিছত বিটিচি চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু সমগ্ৰ বিদ্যালয় ভৱন, শ্ৰেণীকোঠা আদি নিৰ্মাণ কৰি দিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।