61
নতুন দিল্লীঃ হাতত মৃত কৃষকৰ লাওখোলা লৈ নায্যপ্ৰাপ্তিৰ যুঁজ অব্যাহত ৰাখিছে কৃষকে। ঋণ ৰেহাই তথা খৰাঙৰ বাবে সাহায্যৰ দাবীৰে আজি সামূহিক মুণ্ডন কাৰ্যসূচীৰে যন্তৰ-মন্তৰ প্ৰতিবাদমুখৰ কৰি তোলে তামিলনাডুৰ কৃষকসকলে৷
মূলতঃ তামিলনাডুত খৰাঙৰ সাহায্যৰ বাবে ৪০ হাজাৰ কোটি টকাৰ ৰাজসাহায্যৰ দাবী জনাই এই প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যখনৰ কৃষকসকলে৷ উত্তৰ প্ৰদেশৰ দৰে তামিলনাডুৰ কৃষকৰো ঋণ ৰেহাইৰ দাবী জনাইছে কৃষকে৷