ৰজ্যজুৰি নেপালী আদিকবি ভানুভক্ত আচাৰ্যক স্মৰণ
নাগ্ৰীজুলিঃ নেপালী ভাষাৰ প্ৰেমিক সংস্কৃত ৰামায়ণৰ প্রথম গৰাকী নেপালী অনুবাদক, আদি কবি ভানুভক্ত আচাৰ্যৰ আজি ৰাজ্যজুৰি জন্ম-জয়ন্তী পালন কৰা হয়৷ দেশ তথা ভাষা সাহিত্যৰ বাবে আজীৱন সেৱা কৰা আদি কবি ভানুভক্ত আচাৰ্যৰ জন্ম-জয়ন্তী বিশ্বৰ বিভিন্ন নেপালী অধ্যুষিত ঠাইৰ লগতে অসমতো আজি ব্যাপক উলাহ-মালহেৰে পালন কৰা হয়৷
বাক্সা জিলাৰ নাগ্ৰীজুলিতো আজি নেপালী আদিকবি ভানুভক্ত আচাৰ্যৰ ২০৪ সংখ্যক জন্ম-জয়ন্তী উলহ-মালহেৰে পালন কৰা হয়। স্থানীয় হৰিভক্ত সাহিত্য সংস্কৃতি সমিতিৰ উদ্যোগত অনুষ্ঠিত কবি জয়ন্তীৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত অসমৰ প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানে বন্তি প্ৰজ্বলন কৰি কবি গৰাকীৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰে।
অনুষ্ঠানত অসমীয়া নেপালী সাহিত্য জগতৰ স্ৰষ্টা কবি হৰিভক্ত কটুৱালকো সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। হৰিভক্ত সাহিত্য সংস্কৃতি সমিতিৰ প্ৰতিষ্ঠাপক সদস্য ভোলা সত্যালে বন্তি প্ৰজ্বলন কৰি কবি হৰিভক্ত কটুৱালৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে।
কবিদ্বয়ক শ্ৰদ্ধাঞ্জলি অৰ্পণ অনুষ্ঠান শেষ হোৱাৰ পিছত হৰিভক্ত সাহিত্য সংস্কৃতি সমিতিৰ সভাপতি দীপক ঘিমিৰেৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত হয়। সভাত স্ব-ৰচিত কবিতা, নিৱন্ধৰ লগতে ভানুভক্তীয় ৰামায়ণ আৰু ভানুভক্ত আচাৰ্য ৰচিত বিভিন্ন কবিতা পাঠ কৰা হয়। সভাত অঞ্চলটোৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক তথা উপস্থিত কেইবাশতাধিক লোক উপস্থিত থাকে৷
বাগছা জিলাৰ ভোলাঝাৰ, ওদালগুৰি জিলাৰ ডিমাকুছি, শোণিতপুৰ জিলাৰক মিছামাৰীৰ লগতে বিশ্বনাথ চাৰিআলিৰো ভিন্ন স্থানত আদি কবিগৰাকীৰ জন্ম-জয়ন্তী পালন কৰাৰ বাতৰি আহিছে।