মিছামাৰীঃ শোণিতপুৰ জিলাৰ বৃহৎৰ মিছামাৰী অঞ্চলৰ ধনখনা মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি দিনযোৰা কাৰ্যসূচীৰে নেপালী ভাষা সাহিত্যৰ আদি কবি ভানু ভক্ত আচাৰ্য দেৱৰ জন্ম জয়ন্তী পালন কৰা হয়।
অসম নেপালী সাহিত্য সভা মিছামাৰী শাখাৰ সৌজন্যত আয়োজিত ভানু জয়ন্তীৰ লগত সংগতি ৰাখি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলকো একেখন মঞ্চতে উদ্যোক্তাসকলে বিশেষ ভাৱে সম্বর্ধনা জনায়। কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত মিছামাৰী শাখা নেপালী সাহিত্য সভাৰ সভাপতি চক্ৰপাণি উপাধ্যায়ৰ দ্বাৰা পতাকা উত্তোলনৰ পাছতে সম্পাদক দেৱীৰাম ৰাই নেপালী আদিকবি ভানু ভক্ত আচাৰ্যৰ প্ৰতিছবিত মাল্যৰ্পণ কৰে।