নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৬ এপ্ৰিলঃ বিশ্বব্যাপী বিভীষিকা ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ আতংকই সৰ্বত্ৰে জনজীৱন স্তব্ধ কৰি তুলিছে ৷ চিকিৎসা বিজ্ঞানো থমকি ৰ’বলগীয়া হোৱা এনে এক জটিল সময়তে অসমৰ বিভিন্ন প্ৰান্তৰ শিশুৰ পৰা জ্যেষ্ঠজনলৈকে কৰ’নাত আক্ৰান্ত ৰোগীসকলৰ প্ৰতি দেখুওৱা মানৱীয়তাৰ ছবিখনৰ সমান্তৰালভাৱে নগাঁও চহৰৰ পশ্চিম প্ৰান্তৰ কলংনৈৰ পাৰৰ খুটিকটীয়া নিবাসী তথা ৰামধেনু যুগৰ যশস্বী কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাই অসম আৰোগ্য নিধিলৈ আগবঢ়াইছে সাহিত্যিক পেঞ্চনৰ এমাহৰ দৰমহা ৷
১৯৬৭ চনতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰাজখোৱাই ১৯৮৭ চনত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ (মনোনীত) সদস্য আৰু ১৯৯১ চনত অসম সাহিত্য সভাৰ জাতীয় ন্যাস সমিতিৰো (মনোনীত) আহ্বায়কৰ দায়িত্ব পালন কৰা ৰাজখোৱাই ২০০১ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰি নিজৰ সৃষ্টিশীল প্ৰতিভাৰ বৰঙনি দাঙি ধৰি আহিছে ৷