চেন্নাইঃ তামিলনাডুত ৫ এপ্ৰিললৈকে কৰ’না ভাইৰাছৰ সংক্ৰমণত ৫ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে। ইয়াৰ সমান্তৰালভাৱে এই একেই সংখ্যক সুৰাসক্ত লোকৰ সুৰা খাবলৈ নোপোৱাৰ ফলত মৃত্যু হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি ঘোষণা কৰা ২১ দিনীয়া লকডাউন কাৰ্যসূচীৰ ফলত ৰাজ্যখনৰ প্ৰায় এক কোটি সুৰাপায়ী লোক ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে৷ 

এই এককোটি সুৰাপায়ীসকলৰ ভিতৰত প্ৰায় ৪০ শতাংশ লোক ইতিমধ্যেই সুৰা অবিহনে অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে৷ নিয়মীয়াভাৱে সুৰা সেৱন কৰি অহা এই বৃহৎ সংখ্যকে বন্ধৰ সময়ছোৱাত সুৰা সেৱন কৰিবলৈ নোপোৱাত ৰাজ্যখনত এক ভয়ংকৰ স্বাস্থ্য সংকটে দেখা দিব বুলিও স্বাস্থ্য বিভাগে আংশকা প্ৰকাশ কৰিছে।
  
যোৱা ৫ এপ্ৰিললৈকে ৰাজ্যখনত কৰ’নাত আক্ৰান্ত হৈ ৫ গৰাকী লোকৰ মৃত্যু হৈছে আৰু সমসংখ্যক ৫ গৰাকী সুৰাসক্ত লোকৰো সুৰাৰ অভাৱত মৃত্যু ঘটিছে। নিয়মীয়াকৈ সুৰা সেৱন কৰা এই ৫ জন সুৰাপায়ী লোকে স্বাভাৱিক সুৰাৰ সলনি আন আন উৎসৰ পৰা ভেজাল বা খাব নলগীয়া এলকহল সেৱন কৰাৰ ফলত মৃত্যুমুখত পৰে বুলি জানিব পৰা গৈছে৷

ৰাজ্যখনৰ পুডুকোট্টাই জিলাৰ ৩ গৰাকী নিয়মিত সুৰাপায়ী মাছমৰীয়াই স্বাভাৱিক সুৰাৰ অভাৱত ছ’ফ্ট ড্ৰিংকৰ সৈতে ডাঢ়ি কটাৰ বাবে ব্যৱহাৰ হোৱা লোচন মিহলাই খোৱাৰ ফলত তীব্ৰ পেটৰ বিষত ভোগাৰ পিছত স্থানীয় চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ তাৰ ভিতৰত দুগৰাকী লোকক চিকিৎসকে সুস্থ কৰি তুলিব পাৰিছে আৰু তৃতীয় গৰাকীৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।  

উল্লেখ্য যে সুৰাত ইথাইল এলকহল থাকে৷ কিন্তু এই সুৰাপায়ীসকলে দাড়ি কটা লোচন বা ৰং, বাৰ্নিছ আদিত ব্যৱহাৰ কৰা মিথাইল এলকহলকে ছফ্টড্ৰিঙ্কৰ লগত ব্যৱহাৰ কৰাৰ ফলত এনে দুখজনক ঘটনা সংঘটিত হয়। মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক এই মিথাইল এলকহলৰ অতি সামান্য পৰিমাণে সেৱন কৰিলেও মানুহৰ দেহত থকা বিভিন্ন অংগ অকামিলা হৈ পৰিব পাৰে বুলি চৰকাৰী চিকিৎসালয়খনৰ বিশেষজ্ঞ চিকিৎসক ডাঃ নীল মেঘানে ব্যক্ত কৰিছে।

সুৰাপায়ীক কেইভাগত ভগাব পাৰি?
     
ডাঃ মেঘানৰ মতে সুৰাপায়ী ৩ প্ৰকাৰৰ। তেওঁ কয়, 'সুৰা সেৱন কৰাসকলক আমি তিনিটা ভাগত বিভক্ত কৰিব পাৰো, সামাজিক সেৱনকাৰী (যি সকলে কেতিয়াবা কেতিয়াবা সুৰা সেৱন কৰে), নিৰ্ভৰশীল সেৱনকাৰী (যিসকলে পৰিমিতভাৱে সদায় সুৰা সেৱন কৰে) আৰু সুৰাসক্ত (যিসকলে এদিনো সুৰা অবিহনে জীয়াই থাকিব নোৱাৰে)৷ প্ৰথম দুটা ভাগৰ সুৰাপায়ীসকলে এই লকডাউন সহজে সহ্য কৰি ল’ব পাৰে।’

'কিন্তু তৃতীয় ভাগৰ সুৰাসক্তসকলে লকডাউনৰ সময়ত নিয়মিত সুৰা সেৱন অবিহনে উইড্ৰৱেল চিণ্ড্ৰ’ম দেখুওৱাবলৈ আৰম্ভ কৰে। ফলত মানসিকভাৱে অস্বাভাৱিক আচৰণ কৰাৰ উপৰিও আচাৰ-ব্যৱহাৰত পৰিবৰ্তন, শৰীৰৰ অংগ-প্ৰত্যংগৰ কঁপনি, দুঃস্বপ্ন দেখা আদি বিভিন্ন উপসৰ্গত ভুগিব পাৰে৷’- এনে লোকক অনতিপলমে চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰাতো প্ৰয়োজনীয় বুলি উল্লেখ কৰি এইদৰে কয় চিকিৎসক মেঘানে৷ ঔষধৰ সহায়ত এনেলোকক কিছু স্বাভাৱিক অৱস্থালৈ অনাৰ পিচত নিচা মুক্তি কেন্দ্ৰত ৰাখি চিকিৎসা কৰাতো অতি প্ৰয়োজনী হৈ পৰে বুলিও মন্তব্য কৰে চিকিৎসকগৰাকীয়ে।

তামিনাডুৰ স্বাস্থ্য বিভাগৰ সচিৱ ডাঃ ভীলা ৰাজসে তেওঁৰ নিয়মীয়া ‘কৰ’না মহামাৰী’ ব্যাখ্যাৰ সময়ত ৰাজ্যখনৰ সুৰাপায়ীসকলৰ এই সমস্যাৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে, ৰাজ্যখনৰ সুৰাসক্তসকলে আন বেমাৰীৰ নিচিনাকৈ চৰকাৰী চিকিৎসালয়সমূহলৈ গৈ এই অসুবিধাৰ চিকিৎসা কৰাব পাৰে৷ ৰাজ্য চৰকাৰে সুৰাসক্তসকলৰ চিকিৎসাৰ বাবে ঠায়ে ঠায়ে ‘নিচামুক্তি কেন্দ্ৰ’ স্থাপনৰ বিষয়ে চিন্তা-চৰ্চা কৰিছে যদিও কৰ’না মহামাৰীৰ সময়ত এই কাম কৰাত কিছু পলম হ’ব বুলিও তেওঁ জনাইছে।

উল্লেখ্য যে চিকিৎসা বিশেষজ্ঞসকলে এনে সমস্যা নাইকিয়া কৰিবলৈ তথা সুৰাসক্তসকলক সুৰাসেৱনৰ পৰা মুক্ত কৰিবলৈ হ’লে ৰাজ্যখনৰ সুৰাৰ বিপণীসমূহ খোলাৰ সময় পৰ্য্যায়ক্ৰমে হ্ৰাস কৰি অনাৰ লগতে প্ৰতিখন জিলাতেই ‘‘নিচামুক্তি কেন্দ্ৰ’’ খুলিবলৈ পৰামৰ্শ আগবঢ়াই আহিছে। এই ক্ষেত্ৰত শাসনত থকা AIADMK চৰকাৰে পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি অনুসৰি কাম কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে।