গুৱাহাটীঃ পাঞ্জাবাৰীৰ বতাহঘূলিত সাংস্কৃতিক গোষ্ঠী ঐতিহ্য অসমৰ উদ্যোগত ভঠেলি উৎসৱ উদযাপন সমিতিৰ সহযোগত ১৪ মে’ত দিনযোৰা কাৰ্য্যসূচীৰে ভঠেলি উৎসৱ উদযাপন হৈ যায়। 

১৪ মে’ৰ পুৱা ১১ বজাত অবিভক্ত কামৰূপ জিলা ভিত্তিত অনুষ্ঠিত স্বৰ্গীয় প্ৰভাৱতী তালুকদাৰ সোঁৱৰণী বিয়াগীত প্ৰতিযোগিতা উদ্বোধন কৰে ঐতিহ্য অসমৰ সভাপতি মুকুল গোস্বামীয়ে। 

দিনৰ ১ বজাত ভাস্কৰ্য্য শিল্পী অশ্বিনী ঠাকুৰীয়াৰ ভাস্কয্য শিল্প উদ্বোধন কৰে বতাহঘুলি উন্নয়ন সমিতিৰ সভাপতি দীনেশ পাঠকে। ৩ বজাত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে কেবা শতাধিক লোকে। 

৪ বজাত 'তেল বাহ’ত উঠা প্ৰতিযোগিতা উদ্বোধন কৰে নাট্যকাৰ,পৰিচালক বিনোদ ভাগবতীয়ে। আবেলি ৫ বজাত কৈহাটীৰ কামৰূপীয়া ঢুলীয়া প্ৰদৰ্শন অনুষ্ঠান উদ্বোধন কৰে ভূপেন গোস্বামীয়ে। 

ধীৰেণ ভৰালীৰ সম্পাদনাত প্ৰকাশিত স্মৃতি গ্ৰন্থ উন্মোচন কৰে কৃষি গৱেষক ডঃ মৃণাল বৰ্মনে। বঁটা প্ৰদান অনুষ্ঠানটি উদ্বোধন কৰি ডাঃ উপেন কাকতিয়ে ভঠেলি অনুষ্ঠানৰ প্ৰাসংগিকতা সম্পৰ্কে বক্তব্য আগবঢ়ায়।

বিয়াগীতত ভৰলুমুখৰ ৰীতা ভূঞাৰ দলে প্ৰথম পুৰস্কাৰ, নাৰেংগীৰ ইৰাণী গোস্বামীৰ দলে দ্বিতীয় পুৰস্কাৰ, চানমাৰিৰ ভাৰ্ছেনটাইল ক্ৰিয়েশ্যনৰ শিল্পী দলে তৃতীয় পুৰস্কাৰ লাভ কৰে৷ গোট বিচাৰকৰ বিশেষ পুৰস্কাৰ লাভ কৰে নলবাৰীৰ কৈঠালকুছি পদূমী চৌধূৰীৰ দলে। তেলবাহত উঠা প্ৰতিযোগিতাত বঁটা লাভ কৰে ধীৰেণ দাসে।