বিহালীঃ দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, ৰাজনৈতিক দলসমুহৰ মাজত প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়া সিমানেই তুংগত উঠিছে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে এম জি ভি কে ভানুক প্ৰক্ষেপ কৰাৰ পিছতে শক্তিশালী প্ৰাৰ্থী বিচাৰি হাবাথুৰি খাবলগীয়া গেৰুৱা দল বিজেপিয়ে।
শুকুৰবাৰলৈকে প্ৰাৰ্থী বাচনি কৰাত বিলম্ব কৰা গেৰুৱা বাহিনীয়ে দাদা ব্ৰিগেডৰ অন্যতম সদস্য তথা ৰাজ্যৰ বিফল মন্ত্ৰী পল্লৱক দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেজপুৰ সংসদীয় সমষ্টিৰ একাংশ ৰাইজে। পোন প্ৰথমবাৰৰ বাবে বিহালী বিধান সভা সমষ্টিৰপৰা ৰাজনৈতিক জীৱনৰ খাতা খোলা পল্লবে বিহালী বাসী ৰাইজক বহু লাঞ্ছিত-বঞ্চিত, প্ৰতাৰণা কৰাৰ উদাহৰণ সৰ্বজনবিদিত।