বিহালীঃ সমগ্ৰ ৰাজ্যজুৰি চলি থকা বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে অসমীয়া জাতিৰ প্ৰতিবাদক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়া সংসদীয় কমিটিৰ অনুমোদন মৰ্মে জাতি ধ্বংসী বিধেয়কখন গৃহীত কৰি বিদেশীক ৰঙা দলিচা পাৰি আদৰিবলৈ চলোৱা প্ৰস্তুতিক তীব্ৰ বিৰোধিতা কৰি আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সোমবাৰে মোনাবাৰী চাহ বাগিছাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
অসম মজদুৰ চাহ শ্ৰমিক সংঘৰ প্ৰায় দুই হাজাৰৰো অধিক সমৰ্থকৰ উপস্থিতিত মোনাবাৰী হাইস্কুল খেলপথাৰৰপৰা সমদল কৰি মোনাবাৰী চেন্টাৰ হৈ পুনৰ হাইস্কুল খেলপথাৰত সংগঠনটোৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতিদ্ৰোহী আখ্যা দি চাহ জনগোষ্ঠীক জনজাতিকৰণ আৰু বিধেয়কখনৰ বিৰোধিতাৰে সংগঠনটোৱে নৰেন্দ্ৰ মোদী হায় হায়, সোণোৱাল চৰকাৰ হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক, চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰক, আদিবাসী সকলক ভাগ ভাগ কৰা নচলিব, আদি শ্ল’গানৰ লগতে বিজেপি চৰকাৰক তীব্ৰ তুলা-ধুনা দিয়ে।